ETV Bharat / bharat

9গৰাকীকৈ চিআৰপিএফ কৰ'ণা ভাইৰাছত আক্ৰান্ত - চিআৰপিএফত কৰ'ণা ভাইৰাছ

দিল্লীৰ নাৰেলাস্থিত পৃথক আছুতীয়া কক্ষত ৰখা হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৪৭ গৰাকী জোৱানক । ইয়াৰে ভিতৰত ৯ গৰাকীয়ে মাৰাত্মক কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিৰাপত্তা তথা সুৰক্ষা সংস্থাটোৱে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ।

9গৰাকীকৈ চিআৰপিএফ কৰ'ণা ভাইৰাছত আক্ৰান্ত

author img

By

Published : Apr 25, 2020, 10:24 AM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ ভাৰতীয় নৌ-সেনাৰ পিচত এইবাৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত তাণ্ডৱ ৰূপ লৈছে কৰ'ণা ভাইৰাছে । কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, ভাৰতীয় স্থলসেনা আৰু নৌ-সেনাৰ পিচত এইবাৰ চিআৰপিএফ কৰ্মীৰ দেহত পোৱা হৈছে কোভিড-১৯ৰ উপস্থিতি । বাহিনীটোৰ ৯গৰাকীকৈ জোৱানৰ দেহত পোৱা গৈছে মাৰাত্মক কৰ'ণা ভাইৰাছ সৃষ্ট কোভিড-১৯ মহামাৰীৰ উপস্থিতি ।

উল্লেখ্য যে, দিল্লীৰ নাৰেলাস্থিত পৃথক আছুতীয়া কক্ষত ৰখা হৈছিল চিআৰপিএফৰ সৰ্বমুঠ ৪৭ গৰাকী কৰ্মী । নতুন দিল্লীত কৰ্মৰত এইসকল জোৱানৰ ভিতৰত ৯ গৰাকীৰে দেহত কৰ'ণা ভাইৰাছ পোৱা গৈছে বুলি বাহিনীটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰিছে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, দেশত এতিয়ালৈকে ২৩,৪৫২ টা কোভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে আৰু ইয়াৰ ভিতৰত ১৭,৯১৫টা সক্ৰিয় ঘটনা আছে । দেশত ৪,৮১৪ গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে ৭২৩ গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে ।

লগতে পঢ়কঃ সেনাৰ গুলিত নিহত তিনি সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.