ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Sep 18, 2020, 9:01 AM IST

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

চৰকাৰৰ তিনি বিধেয়ক কৃষকৰ বাবে 'বিপৰ্যয়': কংগ্ৰেছ

কংগ্ৰেছ আৰু অন্য বিৰোধী দলে মোডী চৰকাৰক সমালোচনা কৰি অভিযোগ কৰে যে, কেন্দ্ৰ চৰকাৰে সেউজ বিপ্লৱৰ উদ্দেশ্যক মষিমূৰ কৰাৰ প্ৰয়াস কৰিছে ৷

মোডীক "মহান নেতা আৰু বিশ্বাসী বন্ধু" হিচাপে প্ৰসংশা ট্ৰাম্পৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 তম জন্মদিনত তেওঁক এগৰাকী "মহান নেতা আৰু বিশ্বাসী বন্ধু" বুলি প্ৰসংশা কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷

জন্মদিনৰ উপহাৰ হিচাপে 'দো গজ কি দূৰী' বৰ্তাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰা সকলো লোককে ধন্যাবাদ জ্ঞাপন কৰি কৰ'ণা মহামাৰীৰ কবলৰ পৰা বাছি থাকিবলৈ সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷ তেওঁ কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলোতে 'দো গজ কি দূৰী' শব্দটো মনত ৰাখিবলৈয়ো আহ্বান জনায় ৷

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত বিজয়া ৰাহাতকাৰ

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত আহি উপস্থিত হৈছে বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বিজয়া ৰাহাতকাৰ ৷ অসমৰ পিছতে মেঘালয়ত সভানেত্ৰীগৰাকী উপস্থিত হৈ দৰিদ্ৰ মহিলাৰ লগত বাৰ্তালাপ কৰাৰ লগতে চেনিটেৰী নেপকিন বিতৰণ কৰে ৷

BMCয়ে মোৰ সপোন, আত্মবিশ্বাস, আত্মসন্মান আৰু ভৱিষ্যতক বলৎকাৰ কৰিছে: কংগনা

কংগনা ৰাণাৱটৰ মুম্বাইস্থিত বাসগৃহ আৰু কাৰ্যালয় ভঙা সন্দৰ্ভত টুইটাৰযোগে ফটো শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে কংগনাই ৷ BMCৰ এই কাৰ্যক ‘বলৎকাৰ’ আখ্য়া দিছে অভিনেত্ৰী গৰাকীয়ে ৷

মৰাণৰ সাংস্কৃতিক শিল্পী জীৱন ঘৰফলীয়াক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ

সাংস্কৃতিক শিল্পী, বৰ বিহুৱা , বিহুৰ বিচাৰক, একালৰ ভ্ৰাম্যমান থিয়েটাৰৰ বলিষ্ঠ অভিনেতা জীৱন ঘৰফলীয়াক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা ৷

পাকিস্তানক সেনাৰ খবৰ যোগান ধৰাৰ অপৰাধত আটক ভাৰতীয় সেনাৰ অভিযন্তা

ভাৰতীয় সেনাৰ তথ্য পাকিস্তান সেনাৰ চোৰাংচোৱাক যোগান ধৰাৰ অপৰাধত আটক কৰা হৈছে এগৰাকী ভাৰতীয় সেনাৰ অভিযন্তাক ৷ অভিযুক্ত মহেশ কুমাৰক হনী ট্ৰেপ কৰা হৈছিল আৰু তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সৈতে জড়িত হৈছিল ৷

ভাৰত মহাসাগৰত চীনৰ ৰিচাৰ্ছ ভেছেল ট্ৰেক নৌসেনাৰ

ভাৰতীয় নৌসেনাৰ যুদ্ধবিমানে ভাৰত মহাসাগৰত প্ৰৱেশ কৰা চীনৰ এখন ৰিচাৰ্ছ ভেছেলৰ অৱস্থিতি ধৰা পেলাইছিল ৷ লাডাখত দুই দেশৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে যোৱা মাহত সংঘটিত হৈছে এই ঘটনা ৷

বাটমালু সংঘৰ্ষৰ আনটো দিশ

মাতৃক হেৰুওৱা এজন নৱবিবাহিত পুত্ৰ আৰু আৰক্ষীয়ে আটক কৰি নিয়া তিনি পুত্ৰ উভতি অহালৈ বাট চাই থকা এজন পিতৃ ৷

ভদীয়া বানত বুৰিল ধেমাজি

ভদীয়া বানত পুনৰাই বুৰিল ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল ৷ জিলাখনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাঢ়নী পানী বগৰাৰ ফলত স্বাভাৱিকতে ব্যাঘাত জন্মিছে যাতায়াতৰ ক্ষেত্ৰত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.