নিউজ ডেস্ক, 23 ছেপ্তেম্বৰ: কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ পাচতে মানুহৰ মাজত সৃষ্টি হৈছিল সামাজিক দূৰত্বৰ ৷ কেৱল গৃহবন্দী হৈ হৈ থকাটোৱে যেন একমাত্ৰ উপায় হৈ পৰিছিল এই মহামাৰীৰ পৰা হাত সাৰি থকাৰ বাবে ৷ ইমানতেই যেন কোনোবাটো কোণত আমাৰ উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ দৰে হৈছিল ৷ এবাৰ ভাৱক, কোনো নিৰ্জন দ্বীপত যদি আপোনাক অকলশৰীয়াভাৱে এৰি দিয়া হয় তেন্তে কি অৱস্থা হ'ব আপোনাৰ ? হয়তো মানসিক বিকাৰগ্ৰস্ত হোৱাৰ উপক্ৰম হ'ব লাগিব ৷
কিন্তু এই পৃথিৱীত এনে লোকো আছে যিয়ে এটা দ্বীপত অকলে বাস কৰে ৷ বছৰৰ পাচত বছৰ তেওঁ সেই দ্বীপটোতে আছে ৷ কীম ছিন ইউল, এগৰাকী 81 বছৰীয়া বৃদ্ধা ৷ তেওঁ অকলেই বাস কৰে সেই দ্বীপত ৷ তথাপিও কোনো আক্ষেপ নাই তেওঁৰ সেই সেউজীয়াৰে ভৰা দ্বীপটোত অকলে থাকিবলৈ ৷
সেউজীয়া বননি, সাগৰৰ উদ্দাম ঢৌ, দূৰ আকাশৰ সৈতে বিলীন হোৱা দিগন্ত প্ৰসাৰী নীলিম জলৰাশি, সকলোৱে যেন উজাগৰ কৰি দিছে সেই দ্বীপটোৰ সৌন্দৰ্য ৷ সেই দ্বীপটোক লৈ অব্যাহত আছে জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজৰ দ্বন্দ ৷ জাপানৰ লোকে দ্বীপটোক তাকাশ্বিমা বুলি কোৱাৰ বিপৰীতে, কোৰিয়াৰ লোকে সেই দ্বীপটোক ডোকডো বুলি কয় ৷
দক্ষিণ কোৰিয়াৰ ছিউল চহৰৰ পৰা প্ৰায় 833 কিলোমিটাৰ নিলগত অৱস্থিত দ্বীপটো ৷ 1991 চনৰ পৰা সেই দ্বীপটোকে নিজৰ ঠিকনা কৰি লৈছিল কীম আৰু তেওঁৰ স্বামীয়ে ৷ 2018 চনত কীমৰ স্বামীৰ মৃত্যু হয় আৰু তেতিয়াৰে পৰা তেওঁ অকলেই সেই দ্বীপটোত বাস কৰি আছে ৷ প্ৰকৃতিৰ সৈতে কীমৰ গঢ়ি উঠিছে এক অনাবিল আত্মীয়তা ৷ কীমৰ বাবে সেয়াই স্বৰ্গ ৷
এসময়ত পেছাগত ডুবাৰু আছিল ৷ সেই পেছাই তেওঁলোকক টানি নিছিল দ্বীপটোৰ দিশে ৷ তাৰ পাচৰ পৰাই দ্বীপৰ অপৰূপ সৌন্দৰ্যৰ মাজত এবছৰ, দুবছৰ নহয় সম্পূৰ্ণ 29 বছৰ কটাই দিলে ৷ বৰ্তমান আশীৰ উৰ্ধৰ কীমে দিনটোৰ অধিকাংশ সময়েই কটায় মাছ মাৰি ৷ উল্লেখ্য যে, দ্বীপটো দক্ষিণ কোৰিয়াৰ হ'লেও তাৰ আশে-পাশে থকা সমুদ্ৰ জাপানৰ জলসীমাৰ অন্তৰ্গত ৷ দুয়োখন দেশেই সেই দ্বীপক নিজৰ বুলি দাবী কৰি কৰি আহিছে ৷
লগতে পঢ়ক: জনা-নজনা: এই গাঁৱৰ পুৰুষসকলৰ সৈতে বিয়াত বহিব নিবিচাৰে যুৱতী