হায়দৰাবাদ,14 অক্টোবৰ: প্ৰবল বৃষ্টিপাতৰ ফলত বাসগৃহত শিল খহি পৰাত হায়দৰাবাদত এগৰাকী শিশুকে ধৰি ১৩ গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে ৷ হায়দৰাবাদৰ বান্দলাগুড়া এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিগৰাকী ব্যক্তি ৷ দক্ষিণ জ’নৰ আৰক্ষী উপ আয়ুক্ত গাজাৰাও ভূপালে প্ৰকাশ কৰে এই কথা ৷

ইফালে, সাংসদ আশাউদ্দিন ওৱেছীয়ে টুইটাৰযোগে এই পৰিস্থিতি পৰিদৰ্শন কৰি দেৱাল খহি নগৰাকী ব্যক্তি মৃত্যুমুখত পৰাৰ কথা জানিবলৈ দিয়ে ৷ সাংসদগৰাকীয়ে একাংশ বাছযাত্ৰীকো সহায় কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে ঘৰত থকাৰ পৰামৰ্শ প্ৰদান কৰে ৷ স্থানীয় বিধায়কে আহতসকলক চিকিৎসালয়ত সাক্ষাৎ কৰে ৷ ইফালে হায়দৰাবাদ চহৰখনে মঙলবাৰে এক ভয়াৱহ পৰিস্থিতিৰ সাক্ষী হৈ ৰয় ৷ প্ৰবল বৰষুণৰ ফলত চহৰখনৰ অধিকাংশ অঞ্চলৰ জলমগ্ন হোৱাৰ উপৰিও তীব্ৰ যান-জঁট সৃষ্টি হয় ৷ কোনো কোনো এলেকাত উদ্ধাৰকাৰী দলসমূহে অভিযান অব্যাহত ৰাখিছে ৷