ETV Bharat / bharat

বিশেষ ট্ৰেইন আৰু বাছেৰে 75 লাখ শ্ৰমিক ঘৰত উপস্থিত হ'ল : MHA

author img

By

Published : May 24, 2020, 3:57 PM IST

বিশেষ ট্ৰেইন আৰু বাছেৰে 75 লাখ শ্ৰমিক ঘৰত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰিছে গৃহ মন্ত্ৰণালয়ে ৷ প্ৰায় চাৰি কোটি প্ৰব্ৰজিত শ্ৰমিক দেশৰ বিভিন্ন স্থানত কাম আছে বুলি মন্তব্য কৰে পুনিয়া ছালিলা শ্ৰীবাস্তৱে ৷

পুনিয়া ছালিলা শ্ৰীবাস্তৱ
বিশেষ ট্ৰেইন আৰু বাছেৰে 75 লাখ শ্ৰমিক ঘৰত উপস্থিত হ'ল : MHA

নেশ্যনেল ডেস্ক, 24 মে': শনিবাৰে কেন্দ্ৰীয় চৰকাৰে কয় যে, প্ৰায় চাৰি কোটি প্ৰব্ৰজিত শ্ৰমিকে দেশৰ বিভিন্ন স্থানত কাম কৰি আছিলে আৰু দেশজোৰা লকডাউনৰ মাজতে ট্ৰেইন আৰু বাছেৰে প্ৰায় 75 লাখ শ্ৰমিক ঘৰলৈ উভতিছে ৷

গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব পুনিয়া ছালিলা শ্ৰীবাস্তৱে কয় যে, দেশৰ বিভিন্ন স্থানৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ নিজ স্থানলৈ প্ৰেৰণ কৰিবৰ বাবে 1 মে'ৰ পৰা ৰেলৱে' বিভাগে প্ৰায় 2,600 খন শ্ৰমিক ট্ৰেইনৰ চলাচল কৰিছে ৷ সংবাদমেল সম্বোধন কৰি শ্ৰীবাস্তৱে কয়, "শেহতীয়া জৰীপৰ প্ৰতিবেদন অনুসৰি, দেশত 4 কোটি প্ৰব্ৰজিত শ্ৰমিক আছে ৷"

25 মাৰ্চৰ পৰা শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কত শ্ৰীবাস্তৱে কয় যে, শ্ৰমিক ট্ৰেইনৰ জৰিয়তে প্ৰায় 35 লাখ প্ৰব্ৰজিত শ্ৰমিকে নিজ স্থানত উপনীত হ'বলৈ সক্ষম হৈছে ৷ আনহাত, 40 লাখ প্ৰব্ৰজিত শ্ৰমিকে বাছেৰে যাত্ৰা কৰিছে ৷

লগতে শ্ৰীবাস্তৱে কয় যে, 27 মাৰ্চত গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এখন পৰামৰ্শ প্ৰেৰণ কৰিছিল ৷ এই পৰামৰ্শ অনুসৰি, প্ৰব্ৰজিত শ্ৰমিকসকলৰ বিষয়টো অধিক সংবেদনশীল ভাৱে চোৱা-চিতা কৰা উচিত আৰু লকডাউনৰ সময়চোৱাত তেওঁলোক কোনো স্থানত চলা-ফুৰা কৰিব নোৱাৰে ৷

লগতে তেওঁ কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই প্ৰব্ৰজিত শ্ৰমিকসকলক খাদ্য আৰু আশ্ৰয়স্থল প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

28 মাৰ্চত গৃহ মন্ত্ৰণালয়ে এক নিৰ্দেশ প্ৰদান কৰিছিল যে, প্ৰব্ৰজিত শ্ৰমিকসকলক NDRF ৰ সহায়ত খাদ্য আৰু আশ্ৰয়স্থল প্ৰদান কৰা হৈছে ৷ 3 এপ্ৰিলত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কেন্দ্ৰীয় চৰকাৰে 11,092 কোটি টকা মুকলি কৰি দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.