নিউজ ডেস্ক, 21 জুন: প্ৰাচীন কালৰে পৰা এক শক্তিশালী মাধ্যম হিচাপে পৰিচিত হৈছে যোগ ৷ এই পুৰণিকলীয়া পৰম্পৰা ভাৰতীয় মনিষীসকলে দি যোৱা শ্ৰেষ্ঠ উপহাৰ হিচাপে পৰিগণিত হৈছে ৷ যোগ শৰীৰ আৰু মন দুয়োটাৰে একতাৰ প্ৰতীক ৷ লগতে প্ৰকৃতি আৰু মানৱৰ মাজত সামঞ্জস্য ৰক্ষাত যোগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ এই প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাজস্থানৰ চৰ্দাৰ চহৰ গাঁও পঞ্চায়তৰ বাসিন্দা শিৱভাগৱন ভাকৰৰ কাহিনী ৷ 74 বৰ্ষীয় এই ব্যক্তিগৰাকী বৰ্তমানে যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ কৰি ৰাখিছে ৷ সত্তৰোৰ্ধৰ ব্যক্তিগৰাকী দেশৰ নৱপ্ৰজন্মৰ বাবে বৰ্তমান এক আদৰ্শলৈ পৰিণত হৈছে ৷ ভাকৰে দীৰ্ঘদিনে কৰি অহা যোগাভ্যাসৰ বাবে জনপ্ৰিয় হৈ পৰিছে সমাজত ৷
এসময়ত ব্যক্তিগৰাকীয়ে বিভিন্ন প্ৰকাৰৰ ৰোগত ভূগিছিল ৷ কিন্তু নিয়মীয়া যোগাভ্যাসে ব্যক্তিগৰাকীৰ জীৱন প্ৰণালী সলনি কৰি সুস্থ ব্যক্তিলৈ ৰূপান্তৰিত কৰে ৷ তেতিয়াৰ পৰা ব্যক্তিগৰাকীৰ জীৱনৰ অভিন্ন অংগ হৈ পৰে যোগ ৷ 2001 চনত ব্যক্তিগৰাকীৰ দুবাৰকৈ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছিল যাৰ ফলত অধিকাংশ সময় ব্যক্তিগৰাকীয়ে ঔষধৰ ওপৰতে নিৰ্ভৰ কৰিছিল ৷ চিকিৎসকে ব্যক্তিগৰাকীৰ খাদ্য তালিকাৰ ক্ষেত্ৰটো যথেষ্ঠ প্ৰতিবন্ধকতা আৰোপ কৰিছিল ৷ শিৱভাগৱনে নিজৰ এই শাৰিৰীক অৱস্থাৰ প্ৰতি সেই সময়ত যথেষ্ঠ চিন্তিত হৈ পৰিছিল ৷ প্ৰতি মুহুৰ্তত ৰোগৰ পৰা মুক্তি পাবলৈ সন্ধান বিচৰা ব্যক্তিগৰাকীয়ে অৱশেষত যোগৰ সহায় গ্ৰহণ কৰে ৷ শিৱভাগৱনে যোগগুৰু বাবা ৰামদেৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ঘৰতে নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ লয় ৷
পৰৱৰ্তী সময়ত 2007 চনত,ব্যক্তিগৰাকীয়ে যোগৰ প্ৰতি আকৃষ্ট হৈ পতঞ্জলী যোগপীঠত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যিয়ে শিৱভাগৱনৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰে ৷ নিয়মীয়া যোগাভ্যাসৰ ফলত ব্যক্তিগৰাকীয়ে ক্ৰমাৎ ঔষধ সম্পূৰ্ণৰূপে বাদ দিয়ে ৷ লগতে আহাৰৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা সমূহ সম্পূৰ্ণৰূপে বাদ দি সুস্থ আৰু স্বাভাৱিক জীৱন যাপন কৰে ৷
সম্প্ৰতি ব্যক্তিগৰাকীয়ে নিজৰ অঞ্চলৰ আশে-পাশে থকা লোকসকলক যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ যাৰ বাবে এইবেলি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা ব্যক্তিগৰাকীক সন্মানিত কৰা হৈছে ৷ শিৱভগৱানে দাবী কৰা অনুসৰি প্ৰতিজন ব্যক্তিয়ে নিতৌ এঘণ্টাকৈ যোগাভ্যাস কৰিলে কোনো ৰোগে স্পৰ্শ কৰিব নোৱাৰে ৷
লগতে চাওকঃ চীনৰ দ্বাৰা প্ৰৰোচিত নহৈ নেপালে ভাৰতৰ সৈতে বন্ধুত্ব অব্যাহত ৰখা উচিত : BSP