নিউজ ডেস্ক , 02 মে' : বুধবাৰে নিৰ্বাচন আয়োগে ভূপালৰ বিজেপি প্ৰাৰ্থী সাধৱী প্ৰজ্ঞা সিং ঠাকুৰক 72 ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিষেধাজ্ঞা জাৰি কৰে ৷ বাবৰী মছজিদ ধ্বংস আৰু প্ৰাক্তন সন্ত্ৰাস বিৰুধী স্কোৱাদৰ মুৰব্বী হেমন্ত কাৰকাৰেৰ বিষয়ে বিজেপি প্ৰাৰ্থী গৰাকীয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবে নিৰ্বাচন আয়োগে এই নিষেধাজ্ঞা জাৰি কৰে ৷
নিৰ্বাচন আয়োগে সাধৱী প্ৰজ্ঞা সিঙৰ এনে কাৰ্যক গৰিহণা দি আগলৈ এনে দুৰ্বব্যৱহাৰ নকৰিবলৈ সকীয়নি দিয়ে ৷ 2 মে'ৰ পুৱা 6 বজাৰ পৰা এই নিষেধাজ্ঞা বলবৎ হ'ব ৷ উল্লেখ্য যে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞাই মন্তব্য কৰিছিল যে, 26/11ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত প্ৰজ্ঞাৰ অভিশাপৰ বাবে প্ৰাক্তন সন্ত্ৰাস বিৰুধী স্কোৱাদৰ মুৰব্বী হেমন্ত কাৰকাৰেৰ মৃত্যু হৈছিল ৷ মেলাগাওঁ বিষ্ফোৰণ কাণ্ডত প্ৰজ্ঞা জড়িত থকা বুলি কাৰকাৰেয়ে তেওঁক অত্যাচাৰ কৰাৰ বাবে প্ৰজ্ঞায়ে কাৰকাৰেক অভিশাপ দিয়ে বুলি মন্তব্য কৰিছিল বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ ইয়াৰোপৰিও তেখেতে কৈছিল যে 1992 চনত আযোধ্যাত বাবৰি মছজিদ ধ্বংসৰ লগত জড়িত থাকিব পাই তেওঁ গৌৰৱ অনুভৱ কৰে ৷