ETV Bharat / bharat

লকডাউনৰ আজি ষষ্ঠ দিন... - delhi mumbai chennai covid 19 latest news

আনহাতে এই সময়ছোৱাত ৰাজ্য প্ৰশাসনৰ আদেশ মৰ্মে জিলা সমূহৰ সামগ্ৰিক পৰিৱেশ পৰ্যবেক্ষণ কৰে মন্ত্ৰী ৰিহন দৈমাৰী, হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবাজনো বিধায়কে ৷ লগতে কেবাখনো জিলাত কভিদ 19 ৰ বাবে চিকিৎসালয় সাজু কৰাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে সংকটৰ সময়ত দুৰ্ভোগ ভুগি থকা লোকসকলক খাদ্য প্ৰদান কৰে নলবাৰী,দৰং,শোণিতপুৰৰ লগতে কোকৰাঝাৰ আৰক্ষীয়ে

আজি ষষ্ঠ দিন...
আজি ষষ্ঠ দিন...
author img

By

Published : Mar 30, 2020, 11:57 PM IST

Updated : Mar 31, 2020, 10:04 AM IST

নিউজ ডেস্ক, 30 মাৰ্চঃ সোমবাৰে ষষ্ঠ দিন অতিক্ৰম কৰিলে লকডাউনে ৷ এই পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন জনাই আহিছে ৰাজ্যবাসীয়ে ৷ সেয়ে ৰাজ্যবাসীৰ সুবিধাৰ্থে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 1 এপ্ৰিলৰ পৰা 72 লাখ পৰিয়ালক বিশেষ অনুদান আগবঢ়োৱাৰ লগতে 2.78 লাখ পৰিয়ালক এহেজাৰ টকাকৈ প্ৰদান কৰা হব বুলি ঘোষণা কৰে ৷ আনহাতে এই সময়ছোৱাত ৰাজ্য প্ৰশাসনৰ আদেশ মৰ্মে জিলা সমূহৰ সামগ্ৰিক পৰিৱেশ পৰ্যবেক্ষণ কৰে মন্ত্ৰী ৰিহন দৈমাৰী, হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবাজনো বিধায়কে ৷ লগতে কেবাখনো জিলাত কভিদ 19 ৰ বাবে চিকিৎসালয় সাজু কৰাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে সংকটৰ সময়ত সংকটৰ সময়ত দুৰ্ভোগ ভুগি থকা লোকসকলকৰ মাজত খাদ্য বিতৰণ কৰে নলবাৰী,দৰং,শোণিতপুৰৰ লগতে কোকৰাঝাৰ আৰক্ষীয়ে ৷ এই ক্ষেত্ৰত পিছপৰি নৰ'ল সাংবাদিকসকল ৷ কৰিমগঞ্জ, ধুবুৰী, আৰু তেজপুৰৰ সাংবাদিকে পথৰ দাতিৰ কেবাজনো লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ কেন্দ্ৰৰ আদেশ মৰ্মে ইতিমধ্যে বন্ধ কৰা হৈছে সকলো যাতায়ত পৰিবহন ব্যৱস্থা ফলত বিগত কেবাদিন ধৰি নেপালত আবদ্ধ হৈ আছে গোলাঘাটৰ তিনিটা পৰিয়াল ৷ ইয়াৰোপৰি বৃন্দাবনত আবদ্ধ হৈ আছে তীৰ্থযাত্ৰীৰ দল ৷

দেশজুৰি লকডাউনৰ ষষ্ঠ দিন...

দিল্লীঃ লকডাউনৰ সময়ছোৱাত ল'ক নায়ক হাস্পতাল আৰু জিবি পান্ত হাস্পতালত কৰ্তব্য়ৰত চিকিৎসকসকলক দিল্লী চৰকাৰে দিল্লীস্থিত হোটেল ল'লিতত থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়ে ৷ দিল্লীৰ এইমছৰ বিশালকায় ট্ৰমা চেন্টাৰক কভিদ 19 হাস্পতাললৈ ৰূপান্ত কৰা হব ৷ ভাইৰাছত আক্ৰান্তৰ সন্দেহত 85 জন লোকক দেওবাৰে নিশা ল'ক নায়ক আৰু জিবি পান্ত হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ জনসাধাৰণৰ সুবিধাৰ্থে দিল্লী পুলিচে ইতিমধ্যে নিজৰ মাজতে এটা নেটৱৰ্ক গটন কৰি লৈছে ৷ আৰক্ষীৰ এই নেটৱৰ্কে প্ৰতিদিনে 15 খন জিলাৰ 250 টা অঞ্চলত প্ৰায় 1,32,000 মানুহক খাদ্য প্ৰেৰণ কৰিছে ৷

মুম্বাইঃ এই সময়ত মুম্বাই, নভি মুম্বাই , ৰাইগদ, থানে আৰু পালঘৰস্থিত নিৰ্মিয়মান স্থানসমূহৰ লগত জৰিত প্ৰায় 70-80,000 জন শ্ৰমিকক বৰ্তমান সময়ৰ নিয়মাৱলী সমূহ মানি চলিবলৈ আদেশ প্ৰদান কৰা হৈছে ৷ এই সময়ছোৱাত কৰ্মচাৰীসকলে ঘৰৰ পৰা নিজৰ কাম কৰাটো অনিবাৰ্যৰ লগতে কোনো লোক যাতে বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ নাহে তাৰ প্ৰতিও মুম্বাই আৰক্ষীক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে ৷

বাঙ্গালুৰুঃ শেহতীয়াকৈ মহীশূৰৰ 5 জন লোক কভিদ 19 ত আক্ৰান্ত হোৱাৰ লগতে ক্ৰমান্নয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ তথ্য অনুসৰি প্ৰশাসনে মহীশূৰত হাই এলাৰ্ট জাৰি কৰাৰ লগতে 900 লোকক কোৱাৰানটাইনত ৰখাৰ লগতে 500 লোকক আইছোলেচনত ৰখা বুলি জানিব পৰা গৈছে ৷

চেন্নাইঃ ৰাজ্যখনৰ মন্ত্ৰী, বিধায়কে নিজৰ এমাহৰ দৰমহা সাহাৰ্য পুঁজিলৈ আগবঢ়োৱাৰ উপৰিও মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজীলৈ DMK দলে অনলাইন 1 কোটি টকা অনুদান আগবঢ়াই ৷ আনহাতে এই সময়ছোৱাত কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে জনাবলৈ ৰাজধানী চহৰখনৰ চালেম নগৰত সোমবাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ দল উপস্থিত হয় ৷ কৃষি কৰ্মৰ স'তে জৰিত বিভিন্ন কৰ্মৰাজিক লকডাউনৰ সময়ছোৱাত ৰেহাই দিবলৈ ৰাজ্য চৰকাৰে আদেশ প্ৰদান কৰে ৷ লগতে নিয়োগকাৰী সকলক শ্ৰমিকসকলৰ ভালদৰে চোৱা-চিতা কৰিবলৈ আদেশ দিয়ে অন্যথা আইনী নিয়োগকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব ৷ এই সময়ছোৱাত তামিলনাডু আৰক্ষীয়ে নিয়ভংগকাৰীৰ 11,565 বাহন জব্দ কৰে ৷

আহমেদাবাদঃ দেওবাৰে ৰাজধানী চহৰখনৰ এগৰাকী 47 বছৰীয়া লোকে কভিদ 19 ৰ আগত হাৰ মানি মৃত্যুক সাবতি লয় ৷ বিগত সপ্তাহত চহৰখনত নিহতৰ সংখ্যা 5 জন বুলি জানিব পৰা গৈছে ৷ গুজৰাটত দেওবাৰে নতুনকৈ 8 জন কভিদ 19 ত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হয় ৷ ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 63 ৷ আগন্তুক দিনত অধিক লোক কভিদ 19 ত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি গুজৰাট চৰকাৰে দেওবাৰে সন্ধিয়া 3000 খন আইছোলেছন বিছনাৰ ব্যৱস্থা কৰে ৷

Last Updated : Mar 31, 2020, 10:04 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.