ETV Bharat / bharat

68 হাজাৰ শ্ৰমিকক নিজ ৰাজ্যলৈ যোৱাৰ বিনামূলীয়া ব্যৱস্থা কৰিছে হাৰিয়ানা চৰকাৰে

author img

By

Published : May 11, 2020, 12:55 PM IST

68,000 শ্ৰমিকক নিজ নিজ ৰাজ্যলৈ ওভতাই পঠোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে । ইয়াৰে অংশ হিচাপে অসমলৈ পথিয়াই দিয়া হৈছে 32 জন শ্ৰমিক ।

68 হাজাৰ শ্ৰমিকক নিজ ৰাজ্যলৈ পথিয়াইছে হাৰিয়ানাৰ পৰা

নিউজ ডেস্ক, 11 মে': হাৰিয়ানাত আবদ্ধ হৈ থকা 68,000 শ্ৰমিকক নিজ নিজ ৰাজ্যলৈ পঠিয়াই দিছে বুলি ৰাজ্য চৰকাৰে জানিবলৈ দিছে । এই শ্ৰমিক সকল লক ডাউনৰ ফলত আবদ্ধ হৈ আছিল ।

শ্ৰমিক সকলক নিজ ৰাজ্যলৈ পঠিয়াবলৈ ৰাজ্য চৰকাৰে 5000 খন বাছৰ ব্যৱস্থা কৰাৰ লগতে 100 খন বিশেষ শ্ৰমিক ৰে'ল চলাচল কৰিছে ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘোষণা কৰিছে যে, যি সকল শ্ৰমিক বা কৃষিকৰ্মী নিজ ৰাজ্যলৈ যাব বিচাৰিছে, তেওঁলোকক ৰে'ল বা বাছৰ জৰিয়তে বিনামূলীয়াকৈ নিজ ৰাজ্যত থৈ অহা হ'ব ।

বৰ্তমানলৈ ৰাজ্যখনৰ পৰা 1100 খন বাছ ভিন-ভিন ৰাজ্যলৈ ৰাওঁনা হৈছে । সৰ্বাধিক 890 খন বাছ উত্তৰ প্ৰদেশলৈ, 152 খন বাছ ৰাজস্থানলৈ, 44 খন মধ্য প্ৰদেশলৈ, 9 খন কৈ পাঞ্জাৱ আৰু উত্তৰাখণ্ডলৈ আৰু 2 খন বাছ হিমাচললৈ যোৱা বুলি তথ্য পোৱা গৈছে ।

এই শ্ৰমিক সকলক ৰে'লৱে ষ্টেচন বা বাছ স্থানলৈয়ো অনাৰ দায়িত্ব চৰকাৰে লৈছে । ইতিমধ্যে ৰাজ্যখনৰ পৰা প্ৰায় 28,000 শ্ৰমিক উত্তৰ প্ৰদেশলৈ, 12,000 ৰো অধিক বিহাৰলৈ, 9550 উত্তৰাখণ্ডলৈ, 6500 মধ্যপ্ৰদেশলৈ পথিয়াই দিয়া হৈছে । ইয়াৰ পৰা অসমলৈ পঠিয়াই দিয়া হৈছে 32 জন শ্ৰমিকক । ইয়াৰ উপৰিও মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কেৰালা, গুজৰাট আদি ভিন্ন ৰাজ্যলৈয়ো শ্ৰমিক সকলক পঠিয়াই দিছে ।

ইফালে আন ৰাজ্যত আবদ্ধ হৈ থকা 10,000 শ্ৰমিকক হাৰিয়ানালৈ উভতাই অনাৰো ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.