ETV Bharat / bharat

উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত একেটা পৰিয়ালৰ 5 গৰাকী সদস্য

author img

By

Published : Nov 29, 2019, 11:23 AM IST

Updated : Nov 29, 2019, 12:46 PM IST

উত্তৰ প্ৰদেশৰ পীলিভিতত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিবাহ অভ্যৰ্থনা অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতেই দুৰ্ঘটনাত পতিত বাহন ৷ মৃতকৰ সংখ্যা 6 লৈ বৃদ্ধি ৷

পথ দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ

নিউজ ডেস্ক, 29 নৱেম্বৰ: উত্তৰ প্ৰদেশৰ গজৰোলা থানাৰ অন্তৰ্গত পীলিভিতত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিবাহ অভ্যৰ্থনা অনুষ্ঠানৰ পৰা ওভতি অহাৰ সময়তে গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ ফলত একেটা পৰিয়ালৰ 5 জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হয় আন 5 জনকৈ লোক ৷ মৃত লোক কেইজনৰ পুৰেণপুৰৰ সুধীৰ কলনীৰ বুলি জানিব পৰা গৈছে ৷

স্থানীয় লোকৰ তৎপৰাত আহত লোকসকলক ততাতৈয়াক ওচৰৰ চিকিৎসালৈ প্ৰেৰণ কৰা হয় যদিও পিচত উন্নত চিকিৎসাৰ বাবে বৰেলীলৈ প্ৰেৰণ কৰা হয় ৷ শেহতীয়াকৈ জানিব পৰা মতে, 5 জন আহত ব্যক্তিৰ মাজত এজন লোকৰ মৃত্যু হৈছে ৷ অনুকূল বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰিছে স্থানীয় লোকে ৷

Last Updated : Nov 29, 2019, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.