ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 12, 2020, 5:02 PM IST

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

top ten news
top ten news

বিটিচি নিৰ্বাচনৰ ফলাফলৰ শেহতীয় তথ্য

মছলপুৰ ভোটগ্ৰহণ কেন্দ্ৰৰ চমু তথ্য। বাক্সা জিলাৰ মুছলপুৰ সদৰৰ ভোটগণনা প্ৰক্ৰিয়া চলি আছে ৷ দ্বিতীয় পৰ্যায়ৰ ভোট গণনাৰ অন্তত চাৰিটা সমষ্টিৰ ফলাফল ৷

বিটিআৰ নিৰ্বাচনৰ ভোটগণনা: শালবৰীৰ সমষ্টিত কোন প্ৰাৰ্থী আগবাঢ়ি আছে

বেলট ভোট গণনাত শালবাৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীয়ে 34 ভোট লাভ কৰা বিপৰীতে বিপিএফৰ প্ৰাৰ্থীজনে 36 টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে সামগ্ৰীকভাৱে বিপিএফে 11 খনচ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ইউপিপিএলে 15 খনত, জিএছপিয়ে 1 খনত, বিজেপিয়ে 12 খনত আৰু কংগ্ৰেছে 1 খনত অগ্ৰগতি লাভ কৰি আছে ৷

কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা

বিটিচিৰ ১৩ নং চিৰাং,১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ভোটগণনা কৰা হৈছে কাজলগাঁও স্থিত জিলা পেৰেড গ্ৰাউণ্ডত ৷

CAA ৰ বিৰোধিতাৰে গোলাঘাটত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

শনিবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন ।

ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া

সমগ্ৰ দেশৰ লগতে ৰাজ্যত দেখা দিছে ডিফথেৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ। ১০ বছৰ আৰু ১৬ বছৰীয়া শিশু-কিশোৰৰ মাজত এই ৰোগ দেখা দিছে । যাৰ ফলত চৰকাৰৰ নিৰ্দেশ অনুসৰি ডিফথেৰিয়াৰ ভেকচিন দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব ধুবুৰীত।

39 বছৰত ভৰি দিলে 'চিক্সাৰ কিং' যুৱৰাজ সিঙে

যুৱৰাজে ভাৰতীয় ক্ৰিকেট দলক দুটাকৈ বিশ্বকাপ জয় কৰাত অনবদ্য অৱদান আগবঢ়াইছে ৷ 2007 চনত টি-20 বিশ্বকাপ আৰু 2011 ত এদিনীয়া বিশ্বকাপত যুৱৰাজ সিঙে মেন-অৱ দা-টুৰ্ণামেন্টৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

মৰিগাঁৱৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

শুকুৰবাৰে মৰিগাঁৱৰ হাতীমূৰীয়াত সংঘটিত হৈছিল এক অগ্নিকাণ্ডৰ ঘটনা ৷ য'ত 7 টাকৈ পৰিয়ালৰ বাসগৃহকে ধৰি সকলো সম্পত্তি সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল 5 টাকৈ পৰিয়াল ৷

দেওবাৰে অনুষ্ঠিত হ'ব সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই দেওবাৰে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷ দেওবাৰে বিয়লি 3 বজাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহতে অনুষ্ঠিত হ'ব কেবিনেট বৈঠকখন ।

ৰঙাপৰাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত

এতিয়াৰে পৰা আৰু খৰস্ৰোতা জৰাসৰ নৈৰ বাঢ়নী পানীৰ বাবে শংকিত হ'ব নালাগে ৰঙাপৰাৰ চাৰিখনকৈ গাঁৱৰ ৰাইজ ৷ কিয়নো পূৰ্ণগতিত আৰম্ভ হৈছে ফুলবাৰী চাহ বাগিচা-মোলানগাঁও সংযোগী পথৰ পকী দলং নিৰ্মাণৰ কাম ৷

কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত

শনিবাৰে পুৱাই শক্তিপীঠ কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত ৷ বিগত কেইবাদিন ধৰি গুৱাহাটীৰ মালিগাঁৱত বাহৰ পাতি আছে RSS প্ৰধান গৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.