ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান : 25 জনক দোষী সাব্যস্ত
ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান কৰে যোৰহাট জিলা সত্ৰ ন্যায়ালয়ৰ নায়্যাধীশ ৰবীন ফুকনে ৷ 25 জন লোকক দোষী সাব্যস্ত কৰে আদালতে ৷
ৰাজস্থানৰ পৰাই অসমৰ দলীয় কাম-কাজ চম্ভালিছে জিতেন্দ্ৰ সিঙে
ৰাজস্থানৰ পৰাই পৰিচালিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সকলো কাম-কাজ । কিয়নো শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে দায়িত্বভাৰ লাভ কৰা জিতেন্দ্ৰ সিং এবাৰলৈয়ো অহা নাই অসমত ৷ বিগত চেপ্তেম্বৰ মাহৰ মধ্যভাগতে তেওঁক এই দায়িত্ব প্ৰদান কৰা হৈছিল ৷
দলীয় ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে নগাঁৱত জগদীশ ভূঞা
দলীয় ভেটি শক্তিশালী আৰু সুদৃঢ় কৰাৰ উদ্দেশ্যৰে নগাঁৱত সোমবাৰে উপস্থিত হৈছে অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞা । পৰৱৰ্তী নিৰ্বাচনত সৰ্বভাৰতীয় শক্তিক উৎখাতৰ বাবে আঞ্চলিক শক্তিসমূহক একত্ৰিত হোৱাৰ আহ্বান ভূঞাৰ ।
বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপেৰে ৰেকৰ্ড গঢ়িছে এজন যুৱকে
লক ডাউনৰ সময়ছোৱাত ৰেকৰ্ড কঢ়িয়াই আনি তিনিচুকীয়ালৈ সুনাম কঢ়িয়াই আনিছে প্ৰশান্ত মুখাৰ্জী নামৰ যুৱকজনে ৷ বিভিন্ন অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰায় 302 খন মানপাত্ৰ লাভ কৰি অসম বুক অৱ ৰেকৰ্ড,ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ লগতে ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডৰ খিতাপ লাভ কৰিছে প্ৰশান্তই ৷
নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক
হাজো-নলবাৰী পথস্থিত লতা ফাৰ্মাচীৰ স্বত্বাধিকাৰী প্ৰণৱ শৰ্মা ওৰফে বুলবুলক আটক কৰিছে নলবাৰী আৰক্ষীয়ে ৷
স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ টীয়কৰ এটা পৰিয়ালৰ
স্বাস্থ্য়মন্ত্ৰীলৈ আহ্বান এটা পৰিয়ালৰ ৷ অৰ্থৰ অভাৱত পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি অসহায় হৈ পৰা পিতৃ-মাতৃৰ কাতৰ অনুৰোধ স্বাস্থ্যমন্ত্ৰীলৈ ৷
পলাশবাৰীত নিৰ্বাচনী যুঁজ: টিকট লাগে হেমাংগ ঠাকুৰীয়াক
পলাশবাৰীত বিজেপিৰ পৰা নিৰ্বাচনী টিকট বিচাৰিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই । সমষ্টিক লৈ কোনো কাৰণতে অগপৰ সৈতে বুজা-বুজি হোৱা নাই আৰু কেতিয়াও নহয় ৷ এই মন্তব্য হেমাংগ ঠাকুৰীয়াৰ ৷
গৃহ সমষ্টিৰ প্ৰতিবাদৰ সন্মুখীন বিধায়ক আজিজ আহমেদ খান
গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খান ৷ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত বিধায়ক গৰাকী সন্মুখীন হ'ব লগা হ'ল ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ ৷
চাংসাৰি আৰক্ষীৰ জালত দুই গভাইত চোৰ
অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে সমগ্ৰ উত্তৰ কামৰূপ অঞ্চল ৷ এইবাৰ আৰক্ষীৰ অভিযানত চাংসাৰিৰ পাইকানাৰ পৰা আটক প্ৰয়াত লোহিত ডেকাৰ পুত্ৰ মনোজ ডেকা (29) আৰু ডোঁৰাকহৰাৰ মানিক আলীৰ পুত্ৰ ইণ্টাজ আলী (38) ৷
ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত আটছাৰ প্ৰতিবাদ
গোলাঘাটত আটছাৰ প্ৰতিবাদ ৷ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত আটছাই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সমস্যা সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷