ETV Bharat / bharat

সেনাত যোগদান কৰিলে 382 গৰাকী বিষয়াই - Dehradun

ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ গৌৰৱময় গাঁঠা কঢ়িয়াই পৃথিৱীৰ চতুৰ্থ বৃহৎ সেনাবাহিনীত যোগদান কৰিলে 382 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৷ আজি অনুষ্ঠিত হোৱা পাছিং আউট পেৰেডত সফলতাৰে নিজৰ সামৰিক প্ৰশিক্ষণ সমাপ্ত কৰি ভাৰতীয় সেনাত যোগদান কৰিলে এইসকল যুৱ-সেনা বিষয়াই ৷

ইণ্ডিয়ান মিলিটাৰী একাডেমী
author img

By

Published : Jun 8, 2019, 3:27 PM IST

নিউজ ডেস্ক, 8 জুনঃ উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনস্থিত ইণ্ডিয়ান মিলিটাৰী একাডেমীত শনিবাৰে অনুষ্ঠিত হৈ যায় পাছিং আউট পেৰেদ ৷ চ্যেটউদ বিল্ডিংৰ সন্মুখৰ ড্ৰিল স্ক'ৱেৰত "কদম কদম বঢ়ায়ে যা, খুচী কে গীত গায়ে যা, য়্যে জিন্দেগী হ্যে কম কি, টু কম প্যে লুটায়ে যা" গীতৰ তালত হয় পাছিং আউট পেৰেদ ৷ প্ৰায় ডেৰবছৰীয়া কঠিন প্ৰশিক্ষণৰ অন্তত 382গৰাকী ভাৰতীয় কেডেট আৰু 77গৰাকী বিদেশী কেডেটক ধৰি সৰ্বমুঠ 459 গৰাকী জেন্টেলমেন কেডেটে আনুষ্ঠানিকভাৱে সেনা বিষয়া হোৱাৰ স্বীকৃতি লাভ কৰে ৷

ইণ্ডিয়ান মিলিটাৰী একাডেমী পাছিং আউট পেৰেদ

আজি অনুষ্ঠিত হোৱা পেৰেদ নিৰীক্ষণ কৰে, সেনাৰ দক্ষিণ-পশ্চিম কামাণ্ডৰ জি অ' চি ইন চি লেফ. জেন. চেৰিশ মৈথচনে ৷ একাডেমীৰ সৰ্বোচ্চ সন্মান স্বৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় ছিনিয়ৰ আণ্ডাৰ অফিচাৰ অক্ষত ৰাজলৈ ৷ লগতে সোনৰ পদক লাভ কৰে সুৰেন্দ্ৰ সিং বিষ্ট, ৰূপৰ পদক লাভ কৰে ছিনিয়ৰ আণ্ডাৰ অফিচাৰ কৌশলেশ কুমাৰ সিন্হা, ব্ৰঞ্জৰ পদক লাভ কৰে ছিনিয়ৰ আণ্ডাৰ অফিচাৰ অক্ষত ৰাজ, টেকনিকেল ৰূপৰ পদক লাভ কৰে কৰন সিং, বিদেশী জিচিৰ সন্মান লাভ কৰে আফগানিস্তানৰ শ্বদজাদ সৰৱাজ আৰু কোম্পানী এৱাৰ্ড লাভ কৰে কেনন কোম্পানীয়ে ৷ ইয়াৰ উপৰিও দেশৰ আন এক সৈন্য প্ৰশিক্ষণ প্ৰতিষ্ঠান অফিচাৰছ ট্ৰেইনিং একাডেমী, গয়াতো আজি অনুষ্ঠিত হয় 15 সংখ্যক পাছিং আউট পেৰেদ ৷ সেনাৰ পূব কামাণ্ডৰ জি অ' চি ইন চি লেফ. জেন. মনোজ মুকুন্দ নাৰাৱানে পেৰেদ নিৰীক্ষণ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ পৰা সেনা বিষয়াৰ স্বীকৃতি লাভ কৰে 84 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৷ শনিবাৰে অনুষ্ঠিত হোৱা পাছিং আউট পেৰেডত উপস্থিত থাকে আইএমএৰ কামাণ্ডেন্ট লেফ. জেন. এছ কে ঝা, ডেপুটী কামাণ্ডেন্ট মেজৰ জেনেৰল জি এছ ৰাৱটকে ধৰি সেনাবাহিনীৰ বহুকেইগৰাকী বিষয়া আৰু প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱক ৷

লগতে পঢ়কঃ প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে AN 32ৰ উদ্ধাৰ অভিযানত

আজি অনুষ্ঠিত হোৱা পাছিং আউট পেৰেডত বিভিন্ন ৰাজ্যৰ প্ৰশিক্ষাৰ্থীৰ সংখ্যা আছিল ক্ৰমে, উত্তৰ প্ৰদেশ 72গৰাকী, বিহাৰ 46গৰাকী, হাৰিয়ানা 40গৰাকী, উত্তৰাখণ্ড আৰু পঞ্জাৱৰ 66গৰাকী, মহাৰাষ্ট্ৰ 28গৰাকী, ৰাজস্থান 22গৰাকী, হিমাচল প্ৰদেশ 21গৰাকী, দিল্লী 14গৰাকী, মধ্য প্ৰদেশ 11গৰাকী, কৰ্ণাটক 8গৰাকী, পশ্চিমবংগ, জম্মু কাশ্মীৰ আৰু ওড়িশ্যাৰ পৰা ক্ৰমে 15গৰাকী, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, ঝাৰখণ্ড আৰু তেলেংগানা 16গৰাকী, চণ্ডীগড় আৰু কেৰেলাৰ 6গৰাকী, অসম, তামিলনাডু, ছত্তিশগড় আৰু মণিপুৰৰ 8গৰাকী, গোৱা আৰু নাগালেণ্ডৰ পৰা 2গৰাকী কেডেট ৷ ইয়াৰ বাহিৰে ত্ৰিপুৰা, পণ্ডিচেৰী, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু আন্দামান নিকোবৰৰ পৰা কোনো প্ৰশিক্ষাৰ্থী নাছিল ৷ ইয়াৰ উপৰিও বিদেশী ৰাষ্ট্ৰৰ ভিতৰত আফগানিস্তানৰ 45গৰাকী, ভূটানৰ 15গৰাকী, মালদ্বীপৰ 1গৰাকী, ফিজীৰ 1গৰাকী, মৰিচাছৰ 2গৰাকী, পাপুৱা নিউ গেনিয়াৰ 2গৰাকী, তংগাৰ 1গৰাকী, লাওচৰ 1গৰাকী আৰু তাজাকিস্তানৰ 2গৰাকীকে ধৰি সৰ্বমুঠ 77গৰাকী প্ৰশিক্ষাৰ্থী ৷

Dehradun (Uttarakhand), June 08 (ANI): As many as 382 officers joined the Indian Army today after a passing out parade was organised at the Indian Military Academy (IMA) in Uttarakhand's Dehradun. Lieutenant General Cherish Mathson, General Officer Commanding-in-Chief, South Western Command, took the salute as a reviewing officer. In total, 459 officers took part in the parade including 77 foreign cadets from friendly nations. IMA now holds the record for giving 61,536 churning out.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.