নেশ্যনেল ডেস্ক, 27 ছেপ্তেম্বৰ: দেওবাৰে পুৱাৰ ভাগত গুজৰাটত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন ব্যক্তিগত পৰিবহণ সেৱাৰ বাছে প্ৰবাসী শ্ৰমিকক কঢ়িয়াই অনাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত আহত হয় 35 গৰাকীকৈ লোক ৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ পৰা চুৰাট অভিমুখে বাছখনে কঢ়িয়াই আনিছিল যাত্ৰী সকলক ৷ সম্প্ৰতি আহত সকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ