নিউজ ডেস্ক, 21 অক্টোবৰঃ সোমবাৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ নতুন দিল্লীৰ চানক্যপুৰীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰীৰ লগতে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীতে দেশৰ সুৰক্ষা তথা নিৰাপত্তাৰ স্বাৰ্থত সৰ্বোচ্চ বলিদান দিয়া কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সাহসী বীৰসকলক স্মৰণ কৰে শ্বাহে ৷ দেশৰ হেতু সৰ্বোচ্চ বলিদান দিয়া বীৰসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে ভাষণ প্ৰদান কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷
ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত গৃহমন্ত্ৰীগৰাকীয়ে এক পৰিসংখ্যা দাঙি ধৰে ৷ গৃহমন্ত্ৰীগৰাকীয়ে দাঙি ধৰা পৰিসংখ্যা অনুসৰি দেশৰ একতা,সুৰক্ষা তথা সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ 34,844 গৰাকী আৰক্ষী কৰ্মীয়ে সৰ্বোচ্চ বলিদান দিছে ৷ আজিৰ দিনটোত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত থকা শ্বহীদৰ সূচীত 292 গৰাকী বীৰ শ্বহীদৰ নাম সংযোজিত হয় ৷ দেশত 1 লাখ লোকৰ বিপৰীতে 222গৰাকী আৰক্ষী কৰ্মী থাকিব লাগে যদিও বৰ্তমান সময়ত 144 গৰাকী আৰক্ষীয়ে প্ৰতি 1 লাখ জনসাধাৰণক সেৱা আগবঢ়াই আহিছে ৷ ইয়াৰ বাবেই 90 শতাংশ আৰক্ষী কৰ্মীয়ে প্ৰতিদিনে 12 ঘন্টাতকৈ অধিক সময় কৰ্তব্য পালন কৰাৰ লগতে চাৰিভাগৰ তিনিভাগেই সাপ্তাহিক ছুটী লোৱাৰ পৰা বঞ্চিত হৈ আছে ৷