নিউজ ডেস্ক, 6 জুলাই : কোভিড-19 ত আক্ৰান্ত হোৱাৰ ভয়ত আত্মহত্যা যুৱকৰ ৷ তেলেংগানাত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে এটা চিকিৎসা কেন্দ্ৰত চিকিৎসা গ্ৰহণৰ বাবে গৈছিল যুৱক গৰাকী ৷ কিন্তু পৰৱৰ্তী সময়ত যুৱকজনৰ দেহত কোভিড-19ৰ লক্ষণে দেখা দিয়ে আৰু চিকিৎসকে তেওঁক এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰে৷ কিন্তু কোভিড-19ত আক্ৰান্ত হোৱা বুলি ভয় খায় হুছেইন সাগৰত জাঁপ দি আত্মহত্যা কৰে যুৱকজনে ৷
তেলেংগানাত বৰ্তমানলৈকে প্ৰায় 22,312 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈছে আৰু ইয়াৰে 288 গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷
লগতে পঢ়ক : সন্ত্ৰাসবাদী পুত্ৰক পিতৃ-মাতৃয়ে কৰা আত্মসমৰ্পনৰ আহ্বানৰ ভিডিঅ' ভাইৰেল