নিউজ ডেস্ক, 2 এপ্ৰিলঃ জম্মু-কাশ্মীৰত আছুতীয়াকৈ ৰখাৰ পিচত প্ৰশাসনে প্ৰায় 600 গৰাকী লোকক মুকলি কৰি দিয়ে ৷ তেওঁলোকৰ আছুতীয়াকৈ ৰখাৰ সময়সীমা পাৰ হোৱাৰ পিচতেই এইদৰে নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয় ৷
কথুৱা জিলাৰ পৰা প্ৰায় 300 গৰাকী লোকক মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে জিলা দণ্ডাধীশ ও পি ভগতে ৷ জম্মু-কাশ্মীৰৰ প্ৰৱেশদ্বাৰ কথুৱাৰ বিভিন্ন আছুতীয়া কক্ষত ৰখা হৈছিল এইসমূহ লোক ৷ ইয়াৰ উপৰিও শ্ৰীনগৰস্থিত বিভিন্ন আছুতীয়া কক্ষৰ পৰাও প্ৰায় 236 গৰাকী লোকক মুকলি কৰি দিয়া হয় ৷