নিউজ ডেস্ক,25 অক্টোবৰ : উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীয়ে ভিগত 3 জুলাইত বকৰু গাঁৱৰ এক ঘাটত 8 গৰাকী আৰক্ষী জোৱানক হত্যা কৰা খলনায়ক বিকাশ ডুবেৰ 30 সহযোগীৰ বিৰুদ্ধে গেংগষ্টাৰ আইনৰ ধাৰা জাৰি কৰিছিল ৷
আৰক্ষী অধীক্ষক ব্ৰিজেশ কুমাৰে সদৰি কৰা মতে, অপৰাধীকেইজনক গেংগষ্টাৰ আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ৷
উক্ত ঘটনাত উপ আৰক্ষী অধীক্ষক দেৱেন্দ্ৰ কুমাৰ মিশ্ৰসহ 8 গৰাকীকৈ আৰক্ষীৰ মৃত্যু হৈছিল ৷ আৰক্ষী উপ মহা পৰিদৰ্শক প্ৰীতিন্দৰ সিঙেও 30 সহযোগীৰ বিৰুদ্ধে গেংগষ্টাৰ আইনৰ এই ধাৰা জাৰি কৰা বুলি জানিবলৈ দিয়ে ৷ তেওঁ কয় যে,এই ঘটনা সন্দৰ্ভত গেংগষ্টাৰ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত পৃথক এজাহাৰ দাখিল কৰা হয় ৷
লগতে পঢ়ক: দাৰ্জিলিঙত সেনাৰ সৈতে শস্ত্ৰ-পূজা আগবঢ়ালে প্ৰতিৰক্ষামন্ত্ৰীয়ে