নিউজ ডেস্ক,5জানুৱাৰীঃ ৰাজস্থানত পুনৰ পোহৰলৈ আহিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ঘটনা ৷ জানিব পৰা মতে,যোৱা 18 ডিচেম্বৰত লণ্ডনৰ পৰা ৰাজস্থানৰ শ্ৰীগংগানগৰত আহি উপস্থিত হৈছিল 3জনকৈ লোক ৷ তিনিওজন লোকৰে নমুনা পৰীক্ষা কৰাৰ অন্তত আটাইকেইজনেৰে ক'ভিড ৰিজাল্ট প'জিটিভ আহে ৷
এই সন্দৰ্ভত জিলাখনৰ শীৰ্ষ পৰ্যায়ৰ স্বাস্থ্য বিষয়া বালদেৱ সিং চৌহানে মন্তব্য কৰি কয় য়ে, তিনিওজন লোক কৰ'ণা ভাইৰাছৰ নতুন লক্ষণত আক্ৰান্ত হৈছে ৷ উল্লেখ্য যে, বৰ্তমান পৰ্যন্ত ৰাজ্যখনৰ 23গৰাকী লোক লণ্ডনৰ পৰা উভতি আহিছে ৷ ইয়াৰে 12গৰাকী লোকেই শ্ৰীগংগানগৰ জিলাৰ বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ