গয়া,30 জুলাই: বুধবাৰে তিনিগৰাকী নক্সাল সন্ত্ৰাসবাদীয়ে বিহাৰৰ গয়াস্থিত 159 বেটেলিয়নৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফ ৰ শিবিৰত আত্মসমৰ্পণ কৰে ৷ চিআৰপিএফ-ৰ শিবিৰটোত আয়োজিত এক অনুষ্ঠানত অংশ লৈ নক্সাল সন্ত্ৰাসবাদী কেইজনে মূলসুঁতিলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰে ৷
আত্মসমৰ্পণ কৰা সন্ত্ৰাসবাদী কেইগৰাকীয়ে আনৰ দ্বাৰা প্ৰভাৱিত হৈ বাধ্য হৈ এই পথ বাচি লোৱাৰ কথা ব্যক্ত কৰে ৷ আত্মসমৰ্পণকাৰী সন্ত্ৰাসবাদী দলটোৰ বিৰুদ্ধে পূৰ্বে গয়া আৰু ঔৰংগাবাদ আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে ৷
সুশীল মানসিং খোপড়ে নামৰ বিহাৰ আৰক্ষীৰ অতিৰিক্ত মহানিৰ্দেশকগৰাকীয়ে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে, আত্মসমৰ্পণকাৰী দলটোক দেখি যদিহে অন্য সন্ত্ৰাসবাদীসকলে আত্মসমৰ্পণ কৰে তেন্তে এয়া আৰক্ষীৰ বাবে হ’ব বৃহৎ সফলতা ৷ সন্ত্ৰাসবাদীৰ দলটোৱে গয়া আৰু ঔৰংগাবাদ জিলাৰ সীমাত অৱস্থিত চক্ৰবন্ধ বনত দীৰ্ঘদিনে সক্ৰিয় হৈ অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি আহিছিল ৷ সদ্য আত্মসমৰ্পণকাৰী দলটোৱে চৰকাৰৰ দ্বাৰা ঘোষিত আঁচনিৰ অধীনত সকলো প্ৰকাৰৰ সুবিধা লাভ কৰিব ৷
লগতে চাওকঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ