ETV Bharat / bharat

ৰাজধানীত মহিলাৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন ? - Facebook

জনসমাগম পূৰ্ণ মেট্ৰ ষ্টেচনতে অশ্লীল ইংগিত মহিলাক ৷

ETV BHARAT
author img

By

Published : Jun 18, 2019, 11:10 PM IST

Updated : Jun 18, 2019, 11:41 PM IST

নিউজ ডেস্ক , 18 জুন : মানুহেৰে ভৰি থকা মেট্ৰ ষ্টেচনত মহিলাক অশালীন ব্যৱহাৰ ৷ পুনৰ উত্থাপিত হৈছে ৰাজধানী চহৰত মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন ৷

ঘটনা অনুসৰি মহিলাগৰাকীয়ে নিশা প্ৰায় 9 বাজি 30 মিনিটত হুডা চিটী মেট্ৰ ষ্টেচনৰ পৰা এসকেলেটৰেৰে নামি আহি থকাৰ সময়তে এজন লোকে তেওঁক অশ্লীল ইংগিত কৰা অনুভৱ কৰে ৷ মহিলাগৰাকীয়ে উভতি মানুহজনক চৰিয়াই ৷ সেই দিনাই নিশা মহিলাগৰাকীয়ে ফেচবুকৰ মেচেঞ্জাৰ যোগে আৰক্ষীৰ পৰা সহায় বিচাৰে যদিও কোনো ধৰণৰ সঁহাৰি লাভ নকৰে ৷ পৰৱৰ্তী সময়ত তেওঁ দিল্লী মেট্ৰ ৰেল কৰপৰেচনৰ কাৰ্যালয়লৈ যায় আৰু কাৰ্যালয়ত তেওঁ চি চি টি ভি কেমেৰাৰ জৰিয়তে ব্যক্তিজনক চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ মহিলাগৰাকীয়ে প্ৰকাশ কৰে যে, তেওঁ নিজৰ সুৰক্ষাৰ কথালৈ চিন্তা কৰি বৰ্তমানলৈ এজাহাৰ দাখিল কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৷ সোমবাৰে টুইটাৰযোগে এই বিষয়টো পুনৰ উত্থাপন কৰে ৷ টুইটাৰত এই বিষয়টো উত্থাপন কৰাৰ পাচতে তেওঁৰ লগত গুৰগাঁও আৰক্ষীয়ে যোগাযোগ কৰি এজাহাৰ দাখিল কৰিবলৈ জনায় ৷

মহিলাগৰাকীয়ে লগতে জনায় যে, তেওঁ ঘটনা সংঘটিত হোৱাৰ সময়ত সহায় বিচাৰে যদিও কোনো লোক আগবাঢ়ি নাহে ৷ কোনো আৰক্ষীৰ লোকো সেই সময়ত উপস্থিত নাছিল ৷ আৰক্ষী চকীলৈ মহিলাগৰাকী দৌৰি যায় যদিও আৰক্ষী চকীখন বন্ধ আছিল ৷ ব্যক্তিজনে মহিলাগৰাকীয়ে চিঞৰাৰ পাচত আঁতৰি যায় যদিও যোৱাৰ পূৰ্বে পুনৰ বাৰ অশালীন ব্যৱহাৰ কৰে ৷

29-year-old woman alleges man flashed her inside Metro station
Last Updated : Jun 18, 2019, 11:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.