নিউজ ডেস্ক, 27 জুনঃ হায়দৰাবাদ ট্ৰেফিক আৰক্ষীয়ে বুধবাৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে এক গ্ৰীন কৰিড'ৰ প্ৰদান কৰে ৷ চহৰখনৰ চাইফাবাদস্থিত গ্লেনেগলছ গ্লোবেল হাস্পতালৰ পৰা ৰাজীৱ গান্ধী ইন্টাৰনেশ্বনেল এয়াৰপৰ্টলৈ গঢ়ি তোলা এই গ্ৰীন কৰিড'ৰ মুঠ 29 কিলোমিটাৰ দুৰত্ব মাত্ৰ 22 মিনিটত অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷ হায়দৰাবাদ আৰক্ষীৰ ট্ৰেফিক শাখাৰ অতিৰিক্ত আয়ুক্ত অনিল কুমাৰে প্ৰকাশ কৰিছে এই তথ্য ৷
![EtvBharatAssam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3674639_cd46529d-52d7-41ba-81ca-e1113e2a19ae_kh1cvyj.jpg)