ETV Bharat / bharat

পশ্চিমবংগত লক ডাউনৰ নিয়ম উলংঘা কৰা প্ৰায় ২৮,০০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Apr 22, 2020, 12:00 PM IST

পশ্চিমবংগত প্ৰায় ২৮,০০ লোকৰ বিৰুদ্ধে লক ডাউনৰ নিয়ম অমান্য কৰা,মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ অহা আৰু ৰাজহুৱা স্থানত থু পেৱোলাৰ দোষত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু হৈছে ।

২৮,০০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু
২৮,০০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিলঃ মঙলবাৰে মুখ্য সচিব ৰাজীৱ সিনহাই কয় যে,মাৰ্চৰ শেষত পশ্চিম বংগৰ ভিন্ন প্ৰান্তত প্ৰায় ২৮,০০০ লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু হৈছে । লগতে তেওঁ কয়, ৩০০০ বাহনেও এই সময়চোৱাত সুৰক্ষা সম্পৰ্কীয় প্ৰতিবন্ধকতা অমান্য কৰা দেখিবলৈ পোৱা গৈছে ।

আনপিনে মঙলবাৰে কলকাতা আৰক্ষীয়ে চহৰখনত লক ডাউনৰ নিয়ম উলংঘা কৰা,মাস্ক পৰিধান নকৰাকৈ বহিৰলৈ উলাই অহা আৰু ৰাজহুৱা স্থানত থু পেলোৱাৰ দোষত ৮৩৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰ ভিতৰত ৬১৬ গৰাকী লোকৰ বিৰুদ্ধে লক ডাউনৰ নিয়ম অমান্য কৰা,১৯৮ গৰাকী লোকৰ বিৰুদ্ধে মাস্ক পৰিধান নকৰা আৰু ২৫ গৰাকী লোকৰ বিৰুদ্ধে ৰাজহুৱা স্থানত থু পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে,আৰক্ষীয়ে বেৰিকেড নিৰীক্ষণ আৰু চহৰখনত লক ডাউনৰ সময়চোৱাত টহল দিয়াৰ সময়ত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়কঃ খাদ্যৰ লালসাঃ বিষাক্ত ৰজা ফেঁটী হত্যা অৰুণাচলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.