ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰৰ DDC নিৰ্বাচন : অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ - জম্মু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন

জম্মু কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ ৷ মুঠ 28 টা সমষ্টিৰ বাবে 168 গৰাকীৰ প্ৰতিদ্বন্দিতা ৷ কাশ্মীৰৰ শাখাত 13 খন আৰু জম্মু শাখাত 15 খন আসনৰ বাবে নিৰ্বাচন ৷ শনিবাৰে পুৱা 7 বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ ৷

JK DDC POLLS
জম্মু আৰু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদ নিৰ্বাচন
author img

By

Published : Dec 19, 2020, 9:23 AM IST

নেচনেল ডেস্ক, 19 ডিচেম্বৰ: জম্মু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ (ডিডিচি নিৰ্বাচন) অষ্টম পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণৰ বাবে সাজু হৈছে জম্মু আৰু কাশ্মীৰৰ মুঠ 28 টা সমষ্টি ৷ ইয়াৰ লগতে 285 টা পঞ্চ আৰু 84 টা চৰপঞ্চ পদৰ বাবে অষ্টম পৰ্যায়ত জম্মু কাশ্মীৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ শনিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া আবেলি 2 বজাত সমাপ্ত হ'ব ৷

এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত কে কে শৰ্মাই জনাই যে, কাশ্মীৰৰ শাখাৰ 13 খন আৰু জম্মু শাখাৰ 15 খন আসনৰ বাবে 28 টা জিলা উন্নয়ন পৰিষদৰ সমষ্টিত শনিবাৰে ভোটগ্ৰহণ হ'ব ৷ ডিডিচি নিৰ্বাচনৰ এই অন্তিম পৰ্যায়ত মুঠ 168 গৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

এই সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তগৰাকীয়ে জনাই যে, কাশ্মীৰ শাখাত অনুষ্ঠিত ভোটগ্ৰহণত 13 টা সমষ্টিৰ বাবে 83 গৰাকী প্ৰাৰ্থী আছে আৰু ইয়াৰে 31 গৰাকী হৈছে মহিলা প্ৰাৰ্থী ৷ কাশ্মীৰ শাখাৰ বিপৰীতে জম্মু শাখাত 15 টা সমষ্টিৰ বাবে 85 গৰাকী প্ৰাৰ্থী আছে আৰু 85 গৰাকীৰ ভিতৰত 15 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷

লগতে পঢ়ক:প্ৰচাৰৰ মাজতে শ্ৰীনগৰৰ ডল হ্ৰদত আৱদ্ধ বিজেপিৰ গোট

327168 গৰাকী পুৰুষ ভোটাৰ আৰু 303275 গৰাকী মহিলা ভোটাৰ মিলি মুঠ 630443 গৰাকী ভোটাৰে 28 টা জিলা উন্নয়ন পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি নিৰ্বাচন কৰিব ৷ শৰ্মাই জনাই যে কাশ্মীৰ শাখাত 1028 টা আৰু জম্মু শাখাত 675 টা মিলি মুঠ 1703 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷

নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে লগতে এই কথাও জনাই যে অষ্টম পৰ্যায়ত চৰপঞ্চ পদৰ বাবে মুঠ 165 খন আসন আছে , ইয়াৰে 43 খন আসন বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ৷ বাকী থকা 84 টা সমষ্টিত 249 গৰাকীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে আৰু ইয়াৰ ভিতৰত 52 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷ ঠিক একেদৰে অষ্টমটো পৰ্যায়তে পঞ্চ পদৰ বাবে থকা 1457 খন আসনৰ 496 খন আসনৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে প্ৰতিনিধি নিৰ্বাচিত হৈছে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 249 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.