ETV Bharat / bharat

বিশেষ ৰে'ল যোগে ২৬ গৰাকী আৱদ্ধ লোকক নাগালেণ্ডলৈ প্ৰত্যাৱৰ্তন - ডিমাপুৰ ৰেলৱে ষ্টেচন

দিল্লীৰ পৰা অসমলৈ অহা বিশেষ ৰে'ল যোগে শুকুৰবাৰে নাগালেণ্ডত আহি উপস্থিত হয় লক্ ডাউনত আৱদ্ধ হৈ থকা ২৬ গৰাকীকৈ লোকৰ এটা দল । বৃহস্পতিবাৰে প্ৰথম বেটছ হিচাপে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল দলটোৱে ।

26 stranded persons return to Nagaland in special train

author img

By

Published : May 14, 2020, 2:40 PM IST

নাগালেণ্ড,১৪ মে': বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা অসমলৈ চলা বিশেষ ৰে'ল দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত নাগালেণ্ডলৈ ঘূৰি আহিবলৈ সক্ষম হয় ২৬ গৰাকীকৈ আবদ্ধ হৈ থকা লোক ।

লক্ ডাউনৰ মাজত আৱদ্ধ হৈ থকা লোক সকলৰ ভিতৰত বিশেষ ৰে'ল যোগে নাগালেণ্ডেলৈ প্ৰত্যাৱৰ্তন কৰা এইটো হৈছে প্ৰথম বেটছ ।

দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত অহা দলটোৱে পুৱা ৩.২০ বজাত ডিমাপুৰ ৰে'লেৱে ষ্টেচনত আহি উপস্থিত হয় । পিছত সকলো যাত্ৰীকে স্ক্ৰীণিং কৰি কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিয়াই দিয়া হয় । ২৬ গৰাকীৰ যাত্ৰীৰ ভিতৰত ২১ গৰাকী নাগালেণ্ডৰ হোৱাৰ বিপৰীতে বাকী কেইগৰাকী আছিল মণিপুৰৰ বাসিন্দা । মণিপুৰৰ বাসিন্দা সকলক ব্যক্তিগত বাহনেৰে মণিপুৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয় ।

জানিব পৰা মতে, প্ৰায় ২২১ গৰাকী নাগালেণ্ডৰ নাগৰিক উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য়ত আৱদ্ধ হৈ আছিল । যি সকলক মঙলবাৰে আৰু বুধবাৰে ৰাজ্যলৈ ঘূৰাই অনা হয় । ইতিমধ্যে সকলোকে কোৱাৰেণ্টাইত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

২২১ গৰাকী প্ৰত্য়ৱৰ্তনকাৰীৰ ৩১ গৰাকীক মঙলবাৰে আৰু ১৯০ গৰাকীক বুধবাৰে নিশা নাগালেণ্ডলৈ প্ৰত্যাৱৰ্তন কৰা হৈছিল । এই ২২১ গৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সন্দেহজনক লক্ষণ ধৰা নপৰিলে তিনি দিনৰ কোৱাৰেণ্টাইৰ পাচত ১৪ দিনৰ হ'ম কোৱাৰেণ্টাইন কৰা হ'ব ।

আনহাতে যি সকল ৰে'ল সেৱাৰ যোগেদি অন্য ৰাজ্যৰ পৰা নাগালেণ্ডলৈ উভতি আহিছে তেওঁলোকক ১৪ দিনৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকাটো বাধ্যতামূলক কৰা হৈছে বুলি ছেমাই জানিবলৈ দিয়ে ।

৭০ শতাংশ প্ৰৱৰ্তনকাৰীক ডিমাপুৰত কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে বাকী থকা সকলক কোহিমাত কোৱাৰেণ্টাইন কৰি ৰখা হ'ব বুলি উল্লেখ কৰে মুখ্য সচিব তেমজেন টয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.