নেশ্যনেল ডেস্ক, 21 এপ্ৰিল : পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত COVID-19ত মৃত্যু হোৱা এজন লোকৰ সমাধিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল ৷ স্থানীয় লোক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাত আহত হ'ল 20 জনকৈ আৰক্ষী ৷
সোমবাৰে টিষ্টা নদীৰ ওচৰৰ চালকুমাৰহাট অঞ্চলত পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ স্থানীয় লোকে দাবী কৰা অনুসৰি, COVID-19ত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ নিশা সেই অঞ্চললৈ আনি মনে মনে পুতি ৰাখিব বিচাৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ পাচতে স্থানীয় লোকে এই সম্পৰ্কত খবৰ লাভ কৰাৰ পাচতে আৰক্ষী বিভাগৰ সৈতে হতাহতিৰ সৃষ্টি হয় ৷

সংঘৰ্ষৰ মাজতে আৰক্ষীয়ে গুলীচালনা কৰাত এজন যুৱক আঘাতপ্ৰাপ্ত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ আনহাতে,এই সংঘৰ্ষত স্থানীয় লোকে তিনিখনকৈ আৰক্ষীৰ বাহন ভাঙি লণ্ড-ভণ্ড কৰে ৷ স্থানীয় লোকৰ এই দাবীক নস্যাৎ কৰি আৰক্ষী অধীক্ষক অমিতাভ মেইতীয়ে সাংবাদিকক কয় যে,এক গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাৰ সৈতে জড়িতসকলক চিনাক্ত কৰাৰ চেষ্টা কৰি থকা হৈছে ৷ গুলীচালনাৰ সৈতে জড়িত লোকৰ অনুসন্ধান কৰি থকা হৈছে বুলিও মেইতীয়ে জানিবলৈ দিয়ে ৷
আৰক্ষী মহানিৰ্দেশক বিৰেন্দ্ৰই ঘটনা সম্পৰ্কত কয় যে,এই আক্ৰমণৰ ফলত 20 জন আৰক্ষী জোৱান আহত হোৱাৰ লগতে এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছে ৷ তেওঁ লগতে কয় যে,আৰক্ষীৰ ওপৰত আক্ৰমণ দুখজনক আৰু স্থানীয় লোকৰ কিবা আপত্তি আছিল যদি প্ৰশাসনৰ সৈতে আলোচনা কৰা উচিত আছিল ৷
উল্লেখ্য যে,সোমবাৰে সন্ধিয়া 8 বজা পৰ্যন্ত কলিকতাত বিভিন্ন নিয়ম ভংগ কৰাৰ অপৰাধত 751 জনকৈ লোকক আটক কৰা হৈছে ৷