নিউজ ডেস্ক, 29 জুলাই : জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাত মঙলবাৰে নিশা গুলীয়াগুলিৰ সূত্ৰপাত হয় ৷ পাকিস্তানী সন্ত্ৰাসবাদীয়ে এলেকাটোত তহল দিয়াৰ সম্ভেদ লাভ কৰে ভাৰতীয় সেনাই ৷ যাৰ ফলত ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু দুই সন্ত্ৰাসবাদী নিহত হয় ৷ ভাৰতীয় সেনা কৰ্তৃপক্ষই সদৰি কৰে এই কথা ৷
কৰ্তৃপক্ষই জনোৱা মতে, নৌচেৰা এলেকাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাক সন্ত্ৰাসবাদীৰ এটা দলে যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ভাৰতীয় সেনাই গুলীবৰ্ষণ কৰে ৷ ইয়াৰ পাচতে দুয়োপক্ষৰ মাজত গুলিবৰ্ষণ আৰম্ভ হয় ৷ গুলীয়াগুলিৰ সময়ছোৱাত ঘটনাস্থলীত লেণ্ডমাইন বিস্ফোৰণৰো সন্দেহ কৰা হৈছে ৷ এই গুলীবৰ্ষণত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয় ৷
নিহত সন্ত্ৰাসবাদী দুজনক বৰ্তমানো উদ্ধাৰ কৰা হোৱা নাই ৷ সন্দেহ কৰা মতে, নিহত সন্ত্ৰাসবাদী দুজনৰ সহযোগীয়ে দুয়োকে পিচলৈ ঠেলি দিয়ে আৰু সুযোগ বুজি সহযোগীজনে দুয়োকে নিজৰ সৈতে লৈ যায় ৷ সম্প্ৰতি ভাৰতীয় সেনাই ঘটনাস্থলী সম্পূৰ্ণৰূপে ঘেৰাও কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি সূত্ৰই জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, যোৱা 1 জুনত সেই একেই স্থানতে ভাৰতীয় সেনাই তিনি অনুপ্ৰৱেশকাৰীক গুলিয়াই হত্যা কৰিছিল ৷
লগতে পঢ়ক : নবালিকাৰ দলবদ্ধ ধৰ্ষণ : ত্ৰিপুৰা আৰক্ষীৰ জালত 6 অভিযুক্ত