নিউজ ডেস্ক, 8 এপ্ৰিলঃ ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰা দুগৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাচ । কলকাতাত সংঘটিত হৈছে এই ঘটনা । তাৰে এগৰাকীক আই ডি হাস্পতালত, আৰু আন এগৰাকীক এম আৰ বাংগাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
তেওঁলোকৰ এগৰাকীৰ বয়স 40 বছৰ, যিয়ে কলকাতাৰ বউবজাৰ এলেকাত ভিক্ষামাগে । প্ৰথমে তেওঁক 3 এপ্ৰিলত এন আৰ এচ হাস্পতাললৈ নিয়া হৈছিল । তাৰ পাচত দেহত কৰ'ণা ভাইৰাছ ধৰা পৰে আৰু আই ডি হস্পাতালত ভৰ্তি কৰোৱা হয় ।
আন এগৰাকীৰ বয়স 60 বছৰ । 1 এপ্ৰিলৰ দিনা তেওঁক ভৰ্তি কৰা হৈছিল মেটিয়াব্ৰুজ অঞ্চলৰ এখন স্থানীয় হাস্পতালত । তাৰ পাচত তেওঁৰ দেহত কৰ'ণা পজিটিভ পোৱাত এম আৰ বাংগাৰ হাস্পতাললৈ স্থানন্তৰিত কৰা হয় ।
ভিক্ষাৰী দুগৰাকীৰ শৰীৰত কেনেদৰে COVID-19 সংক্ৰমণ হ'ল তাক লৈ অনুসন্ধান কৰি আছে স্বাস্থ্য বিভাগে । লগতে তেওঁলোকৰ সংস্পৰ্শলৈ আৰু কোন কোন লোক আহিছিল এইটোও তদন্ত কৰি আছে । কিন্তু এনেদৰে সংক্ৰমিত হোৱাটো ভাৰতত "কমিউনিটি স্প্ৰেড"ৰ ভয়াবহ আগজাননী নেকি তাকে লৈ শংকিত হৈ পৰিছে দেশবাসী ।