নেশ্বনেল ডেক্স, 23 মাৰ্চঃ দেশজুৰি চেনিটাইজাৰ আৰু চাৰ্জিকেল মাস্কৰ নাটনিয়ে দেখা দিয়াৰ সময়তে গুজৰাটৰ এচ এম এছ হাস্পতালৰ পৰা নোহোৱা হৈছে 2.5 লাখ চাৰ্জিকেল মাস্ক ৷ প্ৰায় 10 কোটি টকা মূল্য়ৰ এই চাৰ্জিকেল মাস্কসমূহ কেনেকৈ নোহোৱা হ'ল এই বিষয়ে কোনো তথ্য নাই হাস্পতাল কতৃপক্ষৰ ওচৰত ৷ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ এখন তদন্ত কমিটি গঠন কৰি দিছে হাস্পতাল কতৃপক্ষই ৷
মাস্কসমূহ এছ এম এছ হাস্পতালৰ আইচলেছন কক্ষৰ দ্বায়িত্বত থকা চিকিৎসক তথা নাৰ্চকে বিভিন্ন কৰ্মচাৰীসকলৰ বাবে অনা হৈছেল ৷ চিকিৎসালয়খনলৈ শেহতীয়া কিছু দিনৰ ভিতৰত তিনিলাখতকৈও অধিক মাস্ক আমদানি কৰা হৈছিল ৷
হেৰাই যোৱা মাস্ক সমূহ N-95 কোৱালিটিৰ আছিল আৰু প্ৰতিখন মাস্কৰ মূল্য আছিল 400 টকা ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত অধিবক্তা তথা সমাজ কৰ্মী পুনম চন্দ্ৰ ভাণ্ডাৰীয়ে এটা গোচৰ ৰুজু কৰিছে ৷
লগতে পঢ়কঃ ক'ভিড-19 সন্ত্ৰাসঃ যোৰহাট চিকিৎসা মহাবিদ্যায়ত ৰোগীৰ ভিৰ