লক্ষ্ণৌ,19 ফেব্ৰুৱাৰীঃ লক্ষ্ণৌত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বিসংগতি ৷ মুঠ 56 লাখ পৰীক্ষাৰ্থীৰ ভিতৰত 2.36 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ নহ’ল পৰীক্ষাত ৷ উত্তৰ প্ৰদেশ মাধ্যমিক শিক্ষা পৰিষদৰ তথ্য অনুসৰি, মঙলবাৰে 2,39,133 পৰীক্ষাৰ্থীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা প্ৰথমদিনাৰ পৰীক্ষা প্ৰত্যাহাৰ কৰে ৷ ইয়াৰ ভিতৰত 1,57,042 উচ্চ আৰু 82,091 উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী আছিল ৷ দুয়োটা পৰীক্ষাত প্ৰশ্নকাকতৰ মাধ্যম হিন্দী হোৱা হেতুকে পৰীক্ষাৰ্থীসকলে পৰীক্ষা ত্যাগ কৰে ৷ পৰীক্ষা ব’ৰ্ডৰ অধিকাৰীসকলে ছজন পৰীক্ষাৰ্থী আৰু অন্য এজন ব্যক্তিৰ বিৰুদ্ধে এণ্টিকপিং আইনৰ জৰিয়তে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ইফালে, পৰীক্ষাকেন্দ্ৰত 34গৰাকী পৰীক্ষাৰ্থীয়ে অনৈতিক উপায় অৱলম্বন কৰাৰ ফলত নিলম্বিত হ’বলগীয়া হয় ৷ ইয়াৰ ভিতৰত উচ্চ পৰীক্ষাৰ 27 জন আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ 7 জন পৰীক্ষাৰ্থী আছে ৷
উত্তৰ প্ৰদেশ মাধ্যমিক শিক্ষা পৰিষদৰ সম্পাদক নীনা শ্ৰীবাস্তৱে কয়, "কেইখনমান জিলাৰ পৰা প্ৰতিবেদন নহাৰ বাবে পৰীক্ষা ত্যাগ কৰা ছাত্ৰৰ সংখ্যা অধিক হ’ব পাৰে ৷ বিগত বছৰটোত প্ৰথম দুদিন পৰীক্ষাৰ অন্তত মাত্ৰ 40,392 পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰিছিল ৷ এই বছৰত 20,674 পৰীক্ষাৰ্থী অন্তৰ্ভুক্ত হৈছিল যিসকলে প্ৰথম দিনাৰ পৰীক্ষাত নিজৰ নিজৰ প্ৰশ্নকাকত লিখিবলৈ প্ৰয়াস নকৰিলে ৷" ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মাৰ মতে, এই পৰীক্ষাৰ্থীসকলে বিভিন্ন জিলাৰ পৰা উত্তৰ প্ৰদেশ ব’ৰ্ড পৰীক্ষাৰ অৱতীৰ্ণ হৈছিল ৷ লগতে শৰ্মাই সদৰী কৰে যে, "প্ৰথম দিনা 2,39,133 পৰীক্ষাৰ্থীয়ে পৰীক্ষা প্ৰত্যাহাৰ কৰাক লৈ মই অকণমানো আচৰিত হোৱা নাই ৷" 2018 চনত 12.5 লাখ পৰীক্ষাৰ্থীয়ে আধাতে পৰীক্ষা প্ৰত্যাহাৰ কৰিছিল, য’ত 2019 চনত এই সংখ্যা 6.69 লাখলৈ হ্ৰাস পায় ৷
লগতে চাওকঃপৰিৱেশৰ সুৰক্ষাৰ্থে পদযাত্ৰা কৰা নিজৰা ফুকন উপস্থিত উত্তৰ প্ৰদেশত