ETV Bharat / bharat

দলিত সম্প্ৰদায়ৰ দুগৰাকীকৈ কিশোৰীক হত্যা কৰি পেলাই দিলে পুখুৰীত

অচিনাক্ত দুৰ্বৃত্বই দুগৰাকীকৈ দলিত সম্প্ৰদায়ৰ কিশোৰীক হত্যা কৰি এটা পুখুৰীত পেলাই দিয়াৰ ঘটনাই তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ অ'চধাৰ অঞ্চলত ৷

author img

By

Published : Nov 17, 2020, 9:47 AM IST

2-dalit-sisters-killed-bodies-dumped-in-pond-in-ups-fatehpur
দলিত সম্প্ৰদায়ৰ কিশোৰীক হত্যা কৰি পেলাই দিলে পুখুৰীত

নিউজ ডেস্ক, 17 নৱেম্বৰঃ এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই কপাই গৈছে উত্তৰ প্ৰদেশৰ অ'চধাৰ অঞ্চল ৷ কেইজনমান অচিনাক্ত দুৰ্বৃত্তই দুগৰাকীকৈ দলিত সম্প্ৰদায়ৰ কিশোৰীক হত্যা কৰি এটা পুখুৰীত পেলাই দিয়াৰ ঘটনাই তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

উত্তৰ প্ৰদেশৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰে সদৰি কৰা অনুসৰি, সোমবাৰৰ সন্ধিয়া এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ পিচতে দুয়াগৰাকী কিশোৰীৰ চকুত আঘাতৰ চিন পোৱা গৈছে ৷ দলিত সম্প্ৰদায়ৰ কিশোৰী দুগৰাকীৰ পৰিচয় অঞ্চলটোৰ আৱাসী দিলিপ ধুবীৰ কন্যা চুমি(12) আৰু কিৰণ(8) বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, কিশোৰী দুগৰাকীয়ে সোমবাৰৰ সন্ধিয়া শাক-পাচলি আনিবৰ বাবে পথাৰলৈ গৈছিল ৷ কিন্তু দুয়োগৰাকী বহু পৰ ধৰি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লগতে অঞ্চলটোৰ স্থানীয় লোকৰ মাজত হোৱাদোৱা লাগে ৷ ইয়াৰ পিচতে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক খবৰ দিয়া বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰে ৷

লগতে পঢ়কঃ নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.