ETV Bharat / bharat

মুম্বাইত উপস্থিত ব্ৰিটেইনত আৱদ্ধ 326 গৰাকী ভাৰতীয় - লণ্ডনৰ পৰা মু্ম্বাইৰ চত্ৰপতি শিৱাজী মহাৰাজ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ

ভাৰতত আহি উপস্থিত হ'ল ব্ৰিটেইনৰ পৰা উদ্ধাৰ কৰা প্ৰথমটো ভাৰতীয় নাগৰিকৰ বেটছ ৷ মুঠ 326 গৰাকী লোক এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে মুম্বাইত উপস্থিত হয় ৷

প্ৰথমটো ভাৰতীয় নাগৰিকৰ বেটছ
মুম্বাইত উপস্থিত ব্ৰিটেইনত আৱদ্ধ 326 ভাৰতীয়
author img

By

Published : May 10, 2020, 4:33 PM IST

নেশ্যনেল ডেস্ক, 10 মে' : কৰ'ণা ভাইৰাছৰ ফলত আন্তৰাষ্ট্ৰীয় বিমানত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ফলত ব্ৰিটেইনত আৱদ্ধ ভাৰতীয়ৰ প্ৰথমটো বেটছ আহি মুম্বাইত উপস্থিত হয় ৷ প্ৰথম বেটছত আছিল 326 গৰাকীকৈ ভাৰতীয় নাগৰিক ৷ দেওবাৰে লণ্ডনৰ পৰা আহি মু্ম্বাইত উপস্থিত হয় এই লোকসকল ৷

বয়িং 777 ৰ AI 130 বিমানৰ জৰিয়তে শনিবাৰে লণ্ডনৰ পৰা উৰা মাৰিছিল এই লোকসকল ৷ দেওবাৰে 1.30 বজাতে আহি মুম্বাইৰ চত্ৰপতি শিৱাজী মহাৰাজ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে ৷

টুইটাৰৰ জৰিয়তে যাত্ৰীসকলে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়, এয়াৰ ইণ্ডিয়াক এই উদ্ধাৰ অভিযানৰ বাবে ধন্যবাদ জনায় ৷

বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে, উপস্থিত হোৱা কোনো লোকৰ দেহত লক্ষণ দেখা পালে পোনপটীয়াকৈ আইছ'লেচন চেন্টাৰত ভৰ্তি কৰা হ'ব ৷ আনহাতে, লক্ষণ নেদেখুৱা লোকসকলক হোটেল আৰু অন্যান্য স্থানৰ কোৱাৰান্টাইনত ৰখা হ'ব বুলি প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.