ETV Bharat / bharat

ভাৰত-বাংলাদেশত আম্ফানে ১৯ মিলিয়ন শিশুলৈ বিপদ নমাব পাৰে : UNICEF

ভাৰত-বাংলাদেশৰ ১৯ মিলিয়ন শিশুলৈ বিপদ নমাই আনিব ঘূৰ্ণী বতাহ আম্ফানে । বৃহস্পতিবাৰে এই সম্ভাৱনা ব্যক্ত কৰিছে UNICEF য়ে । লগতে COVID-১৯ মহামাৰীৰ মাজত অস্থায়ী আশ্ৰয়স্থলীত বসবাস কৰা শিশুৰ স্বাস্থ্যকলৈও উদ্বিগ্নতা প্ৰকাশ কৰে UNICEF য়ে ।

author img

By

Published : May 22, 2020, 12:58 PM IST

19 million children at risk as  Amphan makes landfall in Bangladesh and India: UNICEF
ভাৰত-বাংলাদেশত আম্ফানে ১৯ মিলিয়ন শিশুলৈ বিপদ নমাব পাৰে : UNICEF

নিউজ ডেস্ক, ২২ মে': ভাৰত আৰু বাংলাদেশৰ কিছু প্ৰান্তৰ প্ৰায় ১৯ মিলিয়ন শিশু বতাহ-ধুমুহা, বান, ঘূৰ্ণীবতাহ আম্ফানৰ কৱলত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বুলি বৃহস্পতিবাৰে এক সৰ্তকবাণী প্ৰদান কৰে UNICEF য়ে । লগতে, দুয়োখন দেশতেই COVID-১৯ য়ে ঘূৰ্ণীবতাহ আম্ফানৰ ফলত পৰিস্থিতি আৰু অধিক গম্ভীৰ কৰিব পাৰে বুলি উদ্বিগ্নতা প্ৰকাশ কৰা হয় UNICEF তৰফৰ পৰা ।

অস্থায়ী আশ্ৰয়কেন্দ্ৰ সমূহত শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনেকৈ COVID-১৯ ৰ লগতে অন্যান্য ৰোগৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাব পাৰে বুলি শংকা ব্যক্ত কৰা হৈছে । অৱশ্যে সকলো পৰিস্থিতি তীক্ষ্ণতাৰে পৰ্যালোচনা কৰি থকা হৈছে বুলি উল্লেখ কৰে দক্ষিণ এছিয়াৰ UNICEF ক্ষেত্ৰীয় নিৰ্দেশক জীন গফে ।

যি কেইখন অঞ্চলত প্ৰভাৱ দেখা পোৱা যাব সেই অঞ্চলৰ শিশু আৰু পৰিয়ালক নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব বুলি উল্লেখ কৰা হয় । লগতে কৰ্তৃপক্ষৰ দ্বাৰা COVID-১৯ ৰ বিৰুদ্ধে নিজৰ তাৎক্ষনিক পৰিকল্পনা প্ৰস্তুত কৰি ৰখাটো আনন্দদায়ক বুলি কয় গফে ।

বাংলাদেশত বৰ্তমান কক্সছ বজাৰত ৮৫০,০০০ ৰহিংগীয়া শৰণাৰ্থী বাস কৰি আছে । আম্ফানৰ ফলত এওঁলোকৰ আৱাসস্থলীৰ বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আছে । পূৰ্বৰে পৰা এই সকল লোক অধিক দুৰ্বল আৰু শেহতীয়াকৈ এই শিৱিৰ আৰু সম্প্ৰদায়ত COVID-১৯ ৰ অৱস্থিতিও ধৰা পৰিছে বুলি প্ৰকাশ কৰা হৈছে । তেনে অৱস্থাত আম্ফানে পৰিস্থিতি অধিক জটিল কৰাৰ সম্ভাৱনা আছে বুলি উদ্বেগ প্ৰকাশ কৰে UNICEF য়ে ৷

UNICEF য়ে বাংলাদেশ আৰু ভাৰতৰ চৰকাৰৰ সৈতে যুটীয়াভাৱে কাম কৰি আছে আৰু আম্ফানৰ দ্বাৰা প্ৰভাৱিত শিশু আৰু বিভিন্ন পৰিয়ালৰ কাষ চাপিবলৈ মানৱীয় কাৰ্যৰ সমৰ্থনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.