নাৰী সৱলীকৰণত মহাত্মা গান্ধীৰ ভূমিকা: খ্যাতনামা ইতিহাসবিদ ৰামাচন্দ্ৰ গুহই কৈছিল,"ভাৰতবৰ্ষত নাৰীক উত্থান আৰু মুক্তিত মহাত্মা গান্ধীৰ সকলোতকৈ ডাঙৰ অৱদান আছিল দেশৰ মহিলা সমাজক সামাজিক-সংস্কাৰ আৰু ৰাজনৈতিক আন্দোলনৰে যুক্ত কৰাটো"৷ প্ৰকৃতাৰ্থত সেইসময়ত কেৱল পাকঘৰৰ চাৰি বেৰৰ মাজত সীমাবদ্ধ ৰখা ভাৰতীয় নাৰীক স্বাধীনতা সংগ্ৰামৰ মজিয়ালৈ লৈ গৈছিল মহাত্মা গান্ধীয়ে ৷ যি সময়ত ভাৰতবৰ্ষ সহিতে সমগ্ৰ বিশ্বত ৰাজনীতি কেৱল পুৰুষৰ এটা পেছা আছিল তেনে এক সময়ত কিন্তু মহাত্মা গান্ধী আছিল এই প্ৰথাৰ সম্পূৰ্ণ বিৰোধী ৷ এই সন্দৰ্ভত সক্ৰিয় মহিলা নেত্ৰী ৰুচিতা গুপ্তাৰ মত,"এই ক্ষেত্ৰত গান্ধীজী আছিল চলিত পৰম্পৰাৰ সম্পূৰ্ণ বিৰোধী যাৰ ফলতেই হয়টো তেওঁৰ নেতৃত্বত বৃটিছৰ বিপক্ষে স্বাধীনতা সংগ্ৰামত মহিলাৰ ব্যাপক অংশগ্ৰহণৰ দ্বাৰা "নাৰীবাদ" আছিল তেওঁৰ অন্যতম হাথিয়াৰ"৷ অনেক মহিলাৰ বাবে অহিংস-সত্যাগ্ৰহ আন্দোলনৰ সময়ত গান্ধীৰ মাতৃ পুতলীবাই আৰু পত্নী কস্তুৰবা গান্ধী আছিল অনুপ্ৰেৰণাস্বৰূপ ৷ কিয়নো গান্ধীয়ে সভা-সমিতিয়ে তেওঁৰ ভাষণত প্ৰায়েই তেওঁৰ জীৱনৰ অহিংস আদৰ্শ গঢ়াত মাতৃ আৰু পত্নীৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছিল ৷ মহাত্মা গান্ধীয়ে সৰ্বপ্ৰথমে দক্ষিণ আফ্ৰিকাত সেই সময়ত তাত চলি থকা বৰ্ণবাদৰ বিৰুদ্ধে মহিলাক সংগঠিত কৰিছিল আৰু পাচলৈ ভাৰতৰ স্বাধীনতা আন্দোলনতও তেওঁৰ নেতৃত্বতে বৃটিছৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিশালীভাৱে সংগঠিত কৰিছিল দেশৰ মহিলাসকলক ৷ গান্ধীয়ে কংগ্ৰেছৰ বৃটিছ বিৰোধী যুঁজক এক উমৈহতীয়া মঞ্চত পৰিণত কৰিছিল যিয়ে মহিলাসকলক স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল ৷
সাৰ্বজনীন জীৱনত মহিলাৰ অংশগ্ৰহণে সামগ্ৰিক ভাৱে মূলত দুটা দিশত দেশৰ ৰাজনৈতিক তথা সমাজ জীৱনত প্ৰভাৱ পেলাইছিল ৷ প্ৰথমে, ই মহিলা সকলক সক্ৰিয় কৰি তুলিছিল, দ্বিতীয়তে মহিলা কাৰ্যকতাৰে একলগে কাম কৰাৰ ফলত পুৰুষৰ নাৰী প্ৰতি থকা তথাকথিত ধাৰণাৰ সলনি কৰিছিল যাৰ ফলত দেশৰ স্বাধীনতা সংগ্ৰামত নাৰীয়েও সমান মৰ্যাদা লাভ কৰিছিল ৷ দক্ষিণ আফ্ৰিকাত থকা কাল চোৱাত গান্ধীয়ে মহিলাসকলক লগত লৈ খনি মালিকৰ শোষণৰ বিৰুদ্ধে বৃহৎ কৰ্মবিৰতি আন্দোলন কৰিছিল৷ ভাৰতবৰ্ষতো গান্ধীৰ প্ৰথম বৃটিছৰ বিৰোধী আন্দোলন ৰূপে জনাজাত "চম্পাৰণ ধৰ্মঘট"ৰ 25 গৰাকী স্বেচ্ছাসেৱকৰ 12 গৰাকীয়ে আছিল মহিলা ৷
লোণ সত্যাগ্ৰহ, দলিত মুক্তি আৰু ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণিয়ে স্বাধীনতা আন্দোলনত নাৰীৰ অংশগ্ৰহণক আৰু এখোঁজ আগুৱাই লৈ যায় ৷ 1919 চনত গান্ধীৰ নেতৃত্বতে আহমেদাবাদৰ কপাহ উদ্যোগৰ শ্ৰমিক সকলে ধৰ্মঘট কৰে তাৰ উপৰিও 1921 চনত অসহযোগ আন্দোলনত আগশাৰীৰ নেত্ৰী অনসুয়া চাৰভাইে নেতৃত্ব দিয়ে য'ত হিল-দল ভাঙি মহিলাসকলে যোগদান কৰিছিল ৷ লগতে বিদেশী বস্ত্ৰ জ্বলোৱা, স্বদেশী আন্দোলন আদিতো মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷
গান্ধীয়ে বিশ্বাস কৰিছিল যে দেশৰ মুঠ জনসংখ্যাৰ 50 শতাংশ, "মহিলাসকলৰ" সক্ৰিয় অংশগ্ৰহণে ভাৰতবৰ্ষৰ বৃটিছ বিৰোধী সংগ্ৰামখনক অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব ৷ তেওঁ প্ৰায়েই কৈছিল অৱলা নাৰীক সৱল কৰিব পাৰিলে অসহায় নাৰীক শক্তিশালী কৰিব পৰা যাব ৷ গান্ধীৰ আহ্বানত মহিলাসকলে সূতা-কটা, স্বদেশী-বস্ত্ৰ তৈয়াৰ কৰা আদি কাৰ্যত ব্যাপক অংশগ্ৰহণ কৰি যথেষ্ট বৰঙণি আগবঢ়াইছিল যাৰ দ্বাৰা তেওঁ বিশ্বাস কৰিছিল যে ইচ্ছা কৰিলে মহিলা সকল আৰ্থিকভাৱেও স্বাধীন হৈ উঠিব পাৰে ৷ সৰোজিনী নাইডুক কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি নিৰ্বাচন কৰাতো গান্ধীৰ ভূমিকা আছিল অপৰিসীম ৷ আনকি সেই সময়ত বৃটিছ লেবাৰ পাৰ্টী, আমেৰিকান ডেমক্ৰে্টিক পাৰ্টী আদিৰ দৰে প্ৰগতিশীল ৰাজনৈতিক দলতো কোনো মহিলা সভাপতি হব পৰা নাছিল ৷ মন কৰিবলগীয়া যেন 1919 চনৰ আইনৰ মতে যেতিয়া দেশত নিৰ্বাচন অনুষ্ঠিত হৈছিল তাতো তেওঁ মহিলাসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ৷ 1931 চনতো তেওঁৰ নেতৃত্বতেই কংগ্ৰেছে মহিলাৰ বাবে সমঅধিকাৰ, সম-মযাৰ্দা আৰু ভোটদানৰ অধিকাৰ বিচাৰি এখন অধ্যাদেশ জাৰি কৰিছিল, যি সময়ত আনকি ইউৰোপৰ উন্নত দেশসমূহতো মহিলাৰ কোনো ভোটদানৰ অধিকাৰ নাছিল ৷
স্বাধীনতা আন্দোলনৰ সমসাময়িক ভাৱে গান্ধীয়ে সমাজ সংস্কাৰৰ আন্দোলনো অব্যাহত ৰাখিছিল ৷ 1933 চনত সমাজত অস্পৃশ্য হিচাপে বিবেচিত দলিত সকলৰ সম-মযাৰ্দা বিচাৰি গান্ধীয়ে দলিত বিকাশ যাত্ৰা আৰম্ভ কৰিছিল য'ত তেওঁৰ কাষত থিয় দিছিল মহিলাসকলে ৷ মহাত্মা গান্ধীৰ দেশীয় যাত্ৰাৰ সময়ত অন্ধ্ৰপ্ৰদেশত মহিলাসকলে নিজৰ অলংকাৰ পৰ্যন্ত স্বাধীনতা আন্দোলনৰ পুঁজি সংগ্ৰহৰ বাবে দান কৰিছিল ৷ গান্ধীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰি শতাধিক মহিলাই কাৰাবাস পৰ্যন্ত খাটিছিল ৷ কস্তুৰবা গান্ধীয়ে সবৰমতী আশ্ৰমত আন 37 গৰাকী মহিলাৰ সতে লোণ প্ৰস্তুত কৰি আইন ভংগ কৰিছিল য'ত নেতৃত্ব লৈছিল সৰোজিনী নাইডু, কমলা দেৱী চট্টোপাধ্যায়ৰ দৰে নেত্ৰীয়ে ৷ আনকি খিলাফত আন্দোলনত গান্ধীয়ে সমৰ্থন দিয়াত পৰোদাহ প্ৰথা আওকাণ কৰি ব্যাপক হাৰত মুছলিম মহিলা বৃটিছ বিৰোধী আন্দোলনত নামি পৰিছিল ৷ যিয়ে গান্ধীৰ প্ৰতি মহিলাসকলৰ বিশ্বাস আৰু আস্থাক সূচায় ৷ আনকি 1942 চনত গান্ধীয়ে যেতিয়া বৃটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰাত বৃটিছ প্ৰশাসন গান্ধীৰ বিৰুদ্ধে নামি পৰে তেতিয়াও মহিলা সকলে সৱল আৰু দৃঢ় হৈ থাকি জাতিৰ পিতাজনৰ কাষত থিয় থাকে ৷ যাৰ নেতৃত্ব লৈছিল অৰুণা আশ্ৰুফ আলীৰ দৰে নেত্ৰীয়ে ৷ আন্দোলনৰ সহায়ৰ বাবে আনকি উষা মেহতা নামৰ এগৰাকী সাহসী মহিলাই গোপনে ৰেডিঅ' সেৱা আৰম্ভ কৰিছিল ৷
কেৱল আন্দোলনেই নহয় সমান্তৰালভাৱে মহিলাসকলে মন্ত্ৰী আৰু ৰাজ্যপাল ৰূপেও নিযুক্তি লাভ কৰিছিল ৷ আনকি সংবিধানৰ খচৰা প্ৰস্তুত কমিটিতও অন্তৰ্ভূক্ত কৰা হৈছিল ৰাজকুমাৰী অমৃত কৌৰকে আদি কৰি আন দুগৰাকী মহিলা ৷ যি সময়ত আমাৰ দেশৰ সংবিধানে মহিলাক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছিল সেইসময়ত সমসাময়িক আন উন্নয়নশীল দেশত সেইয়া আছিল বিৰল ৷ গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত দেশৰ লক্ষাধিক মহিলাই কেৱল স্বাধীনতা সংগ্ৰামতেই অংশগ্ৰহণ কৰা নাছিল তাৰে এক বৃহৎ সংখ্যকে দীঘলীয়া কাল কাৰাবাসো খাটিছিল ৷ গান্ধীৰ প্ৰভাৱে দেশৰ মহিলা সমাজক এক নৱ-শক্তিৰে জাগ্ৰিত কৰি তুলিছিল ৷ আন্দোলনত অংশগ্ৰহণৰ দ্বাৰা মহিলাসকলে পুৰুষৰ চকুত নিজৰ সন্মান বৃদ্ধি কৰাৰ লগতে সমাজ তথা দেশত মহিলাৰ সম-অধিকাৰ, মহিলাৰ সমস্যা আদিৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি পাইছিল ৷ সেই সন্দৰ্ভত গান্ধীয়ে কৈছিল,"মহিলাৰ প্ৰতি অস্পৃশ্য আৰু বৈষম্যমূলক মনোভাৱ ভাৰতীয় সমাজক প্ৰভাৱিত কৰা দুটা নেতিবাচক কাৰক"৷ গান্ধীয়ে মহিলাৰ শিক্ষাৰ প্ৰসাৰৰ অৰ্থেও উকালতি কৰিছিল তেওঁৰ মতে যদি কোনো পুৰুষে শিক্ষা গ্ৰহণ কৰে তেন্তে তেওঁ কেৱল শিক্ষিত হয় কিন্তু যদি এজনী মহিলাক শিক্ষিত কৰি তোলা হয় তেন্তে তাৰ দ্বাৰা এটা পৰিয়াল তথা এজন সমাজক শিক্ষিত কৰি তুলিব পৰা যায় ৷ গান্ধীৰ মতে মহিলাসৱলীকৰণ অবিহনে এখন শোষণবিহীন সমাজ কেতিয়াও সম্ভৱ নহয় ৷ আন্দোলনৰ সময়ছোৱাত কেৱল যে গান্ধীৰ দ্বাৰা মহিলাসকল অনুপ্ৰাণিত হৈছিল এনে নহয় বহুসময়ত মহিলাসকলৰ দ্বাৰাও তেওঁ প্ৰভাৱিত হৈছিল, সেই কথা তেওঁ বিভিন্ন সময়ত স্বীকাৰ কৰিছে ৷ স্বাধীনতাৰ পাছৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত আনৰ বাধা নামানি গান্ধীয়ে আভা গান্ধীক সম্প্ৰদায়িক সংঘৰ্ষ জৰ্জৰিত নোৱাখালিলৈ প্ৰেৰণ কৰিছিল ৷ তাৰোপৰি মৃদুলসৰভা চুৱোঙ নামৰ এগৰাকী মহিলাই সম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত অপহৰণ হোৱা এগৰাকী কিশোৰীক অকলেই অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰিছিল ৷ পাছত তেওঁ এই কাৰ্যৰ বাবে গান্ধীজীৰ পৰা অনুপ্ৰেৰণা পোৱা বুলি সদৰি কৰিছিল ৷
বহুতো ইতিহাসবিদে স্বীকাৰ কৰিছে চীন-ৰাছিয়াৰ বিপ্লৱতকৈও অধিক মহিলাই অংশগ্ৰহণ কৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যাৰ মূল কাৰণ আছিল মহাত্মা গান্ধী আৰু তেওঁৰ অহিংস নীতি আৰু দূৰদৰ্শীতা ৷ গান্ধীৰ অতি ঘনিষ্ঠ মানু গান্ধীয়ে তেওঁৰ দ্বাৰা ৰচিত এখন কিতাপৰ শিৰোনাম ৰাখিছে "বাপুজী মাই মাডাৰ" ৷ ইয়াৰ পৰা দেশৰ মুক্তি আন্দোলনত মহিলাৰ অংশগ্ৰহণত গান্ধীয়ে যোগোৱা অনুপ্ৰেৰণাৰ এটি শক্তিশালী আভাষ পোৱা যায় ৷