ETV Bharat / bharat

পশ্চিমবংগত 15 বিজেপি কৰ্মীক আক্ৰমণ তৃণমূল কংগ্ৰেছৰ - অনুপ চক্ৰৱৰ্তী

দেওবাৰে পশ্চিমবংগৰ পূৱ মিদনাপুৰৰ ক’ণ্টাইত তৃণমূল কংগ্ৰেছ কৰ্মীৰ প্ৰহাৰত 15 গৰাকী বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত ৷ পতাকা উত্তোলন কৰি থকাৰ সময়তে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ কৰে তৃণমূল কংগ্ৰেছ কৰ্মীসকলে ৷ তৃণমূল কংগ্ৰেছ কৰ্মীৰ দ্বাৰা আক্ৰমণৰ পাচত 15 গৰাকী বিজেপি কৰ্মী চিকিৎসাধীন ৷

BJP workers hospitalised
বিজেপি কৰ্মীক আক্ৰমণ
author img

By

Published : Jan 11, 2021, 11:20 AM IST

নেশ্যনেল ডেস্ক,11 জানুৱাৰী : পশ্চিমবংগৰ পূৱ মিদনাপুৰৰ ক’ণ্টাইত দেওবাৰে অনুষ্ঠিত হোৱা এখন বিজেপি সভাৰ অন্তত বিজেপি কৰ্মীক প্ৰহাৰ কৰে তৃণমূল কংগ্ৰেছ কৰ্মীয়ে ৷ তৃণমূল কংগ্ৰেছ কৰ্মীৰ প্ৰহাৰত 15 গৰাকী বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

ক’ণ্টাইৰ বিজেপিৰ সভাপতি অনুপ চক্ৰৱৰ্তীয়ে জনোৱা মতে, পূৱ মিদনাপুৰৰ ক’ণ্টাই-3 ব্ল’কৰ ভাজা চাউলী গাঁৱত এই ঘটনাটো সংঘটিত হয় ৷ স্থানীয় এলেকাটোত বিজেপি কৰ্মীসকলে পতাকা উত্তোলন কৰি থকাৰ সময়তে তৃণমূল কংগ্ৰেছ কৰ্মীসকলে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ কৰে ৷

এক সংবাদ এজেন্সীৰ সৈতে হোৱা বাৰ্তালাপত চক্ৰৱৰ্তীয়ে কয়, "ৰাজ্যখনৰ শাসকীয় চৰকাৰখনক ক’ব বিচাৰো যে, তেওঁলোকে শাসকীয় পদ এৰি দিয়া উচিত ৷ ৰাজ্যজুৰি বিজেপি কৰ্মীক প্ৰহাৰ কৰি আছে তৃণমূল কংগ্ৰেছে ৷"

আনহাতে, শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছিল, "তৃণমূল কংগ্ৰেছে অপৰাধী প্ৰবৃত্তিৰে কাম কৰি আছে ৷ কিয়নো বিজেপিয়ে প্ৰায় 130 গৰাকী দলীয় বিষয়া আৰু পশ্চিমবংগৰ 300 গৰাকী সমৰ্থকক হেৰুৱাইছে ।"

উল্লেখ্য যে, বিগত বৰ্ষৰ 29 ডিচেম্বৰত হাওৰাৰ ব’টানিকেল গাৰ্ডেনত হোৱা এক হিংসাত্মক ঘটনাত এজন তৃণমূল কংগ্ৰেছ কৰ্মীক অচিনাক্ত ব্যক্তিয়ে গুলিয়াই হত্যা কৰাৰ এদিনৰ পাচতে পশ্চিমবংগৰ পূৱ মিদনাপুৰ জিলাৰ নান্দীগ্ৰামত এজন অচিনাক্ত ব্যক্তিয়ে আক্ৰমণ কৰাৰ পাচত কেইবাজনো বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক : ভাৰতৰ পৰা ভৌগোলিক অঞ্চলসমূহ ঘূৰাই আনিম : নেপালৰ প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.