ETV Bharat / bharat

১৪ বছৰীয়া কিশোৰে সাজিলে NO-TOUCH SANITIZER

author img

By

Published : Apr 29, 2020, 12:09 PM IST

বিশ্বব্যাপী কোভিড-১৯ ৰ সংকটৰ সময়ত ভাৰতৰ এগৰাকী ১৪ বছৰীয়া কিশোৰে সাজি উলিয়াইছে no-touch sanitizer । কৰ্নাটকৰ বেংগালুৰুৰ বাসিন্দা কিশোৰগৰাকীয়ে ৰবটৰ সহায়ত নিৰ্মাণ কৰি উলিয়াইছে এই ছেনিটাইজাৰটো ।

১৪ বছৰীয়া কিশোৰে সাজিলে no-touch sanitizer

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ সমগ্ৰ বিশ্বই কোভিড-১৯ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে তেনে সময়তে ভাৰতৰ এগৰাকী কিশোৰে সাজি উলিয়াইছে এটা বিশেষ ছেনিটাইজাৰ । কৰ্নাটক ৰাজ্যৰ বেংগালুৰুৰ বাসিন্দা ১৪ বছৰীয়া কিশোৰজনে ৰবটিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰি উলিয়াইছে সময়োপযোগী হেণ্ড ছেনিটাইজাৰ ।

বিশেষ ৰবটিক হেণ্ড ছেনিটাইজাৰটোৰ সৈতে কৃষ্ণাণ

বেংগালুৰুৰ বাসিন্দা কৃষ্ণাণ গুপ্তা নামৰ কিশোৰজনে সাজি উলিয়াইছে এই বিশেষ ৰবটিক হেণ্ড ছেনিটাইজাৰ ।

কৃষ্ণাণে সংবাদ মাধ্যমৰ আগত, "কৰ'ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে ব্য়াপকভাৱে ব্যৱহাৰ বৃদ্ধি পায় ছেনিটাইজাৰৰ । আমি হেণ্ড ছেনিটাইজাৰ চুই থাকো, মই মোৰ পৰিয়ালত পৰিলক্ষিত কৰিলো যে, সকলোৱে একেটা ছেনিটাইজাৰ ব্যৱহাৰ কৰি আছে । সেই সময়তে মোৰ মনলৈ 'robot based no-touch' ছেনিটাইজাৰৰ চিন্তা আহে ।" বুলি উল্লেখ কৰে ।

কিশোৰজনে তৈয়াৰ কৰি উলিওৱা এই হেণ্ড ছেনিটাইজাৰটো ব্যৱহাৰ কৰিবলৈ অতিকে সহজ । ৰবটিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ফলত তাত সংযোগ কৰা ছেন্সৰে মানুহৰ হাতৰ তলুৱাৰ উমান পালেই তাত সংযোগ কৰা ছেনিটাইজাৰ এৰি দিয়ে । কিশোৰজনৰ এই উদ্ভাৱনী প্ৰচেষ্টাক বহুতেই প্ৰশংসা কৰা পৰিলক্ষিত হৈছে । আনহাতে এই ৰবটিক হেণ্ড ছেনিটাইজাৰৰ ফলৰ সংস্পৰ্শলৈ নহাকৈ নিজৰ হাত বীজানুমুক্ত কৰি ৰাখিব পৰা যাব ।

লগতে পঢ়কঃ কোকৰাঝাৰত দৰিদ্ৰ লোকক সাহায্য বিতৰণত কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.