ETV Bharat / bharat

দিল্লীত ২৪ ঘণ্টাত ১,২৯৫ ব্যক্তি কোভিড ১৯ আক্ৰান্ত

ৰাজধানী চহৰ দিল্লীত ধাৰাবাহিকভাৱে চতুৰ্থ দিনত বৃদ্ধি পাইছে কোভিড ১৯ আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ১,২৯৫ গৰাকী ব্যক্তি কৰ'ণা ভাইৰাচত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৩ গৰাকী লোক।

author img

By

Published : May 31, 2020, 9:46 PM IST

corona positive cases reported in delhi
corona positive cases reported in delhi

নিউজ ডেস্ক, ৩১ মে' - ৰাজধানী দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড ১৯ আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ১,২৯৫ গৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাচৰ উপস্থিতি। নতুনকৈ আক্ৰান্ত হোৱা লোকসকলক ধৰি ৰাজধানী চহৰখনত মুঠ ১৯,৮৪৪ গৰাকী ব্যক্তি কৰ'ণা ভাইৰাচত আক্ৰান্ত হৈছে।

ইয়াৰ বিপৰীতে এই মহামাৰীৰ ফলত বিগত ২৪ ঘণ্টাত মৃত্যুমুখত পৰিছে ১৩ গৰাকী লোক। দেওবাৰে বিয়লি ভাগলৈ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৩ গৰাকীলৈ বৃদ্ধি পাইছে। দিল্লীৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য।

উল্লেখ্য যে, সমগ্ৰ দেশতে কোভিড ১৯ আক্ৰান্ত লোকৰ সংখ্যাই ১ লাখ ৮৫ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে দেশজুৰি মৃত্য হৈছে ৫,২৬৬ গৰাকী লোকৰ। দেশৰ ভিতৰত কৰ'ণা ভাইৰাচ আক্ৰান্ত ৰাজ্যসমূহৰ তুলনাত মহাৰাষ্ট্ৰ প্ৰথম স্থানত, তামিলনাডু দ্বিতীয় স্থানত থকাৰ লগতে তৃতীয় স্থানত আছে ৰাজধানী দিল্লী।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.