নিউজ ডেস্ক, ১ মে': শুকুৰবাৰে ৩১ নং বেটেলিয়ানৰ ১২ জনকৈ চিআৰপিএফ জোৱানৰ দেহত পোৱা গৈছে মহামাৰী COVID-19ৰ উপস্থিতি । বৰ্তমান পৰ্যন্ত COVID-19 ত আক্ৰান্ত চিআৰপিএফ জোৱানৰ সংখ্যা হৈছে মুঠ ৬৫ জন ।

চিআৰপিএফ জোৱানৰ এজন বিষয়ববীয়াই সদৰী কৰা অনুসৰি, শুকুৰবাৰে ১২ জনকৈ চিআৰপিএফ জোৱানৰ দেহত COVID-19ৰ উপস্থিতি লাভ কৰা হৈছে । ইয়াৰ ফলত বৰ্তমান পৰ্যন্ত দেশজুৰি COVID-19ত আক্ৰান্ত চিআৰপিএফ জোৱানৰ সংখ্যা হয় ৫৬ জন ।
খবৰ অনুসৰি, ২৮৫ জন চিআৰপিএফ জোৱানক COVID-19ৰ পৰীক্ষা কৰা হৈছিল যদিও তাৰ ভিতৰত ১২ জন জোৱান আক্ৰান্ত বুলি তথ্য লাভ কৰে । আনহাতে, শুকুৰবাৰে দিল্লীৰ ময়ুৰ বিহাৰৰ কোৱাৰাণ্টাইন কেন্দ্ৰৰ পৰা প্ৰায় ১,১০০ জন চিআৰপিএফ জোৱান মুকলি কৰি দিয়া হয় যদিও ২৫৭ জন চিআৰপিএফ জোৱানৰ বৰ্তমানেও নমুনাৰ ফলাফল লাভ কৰা নাই বুলি সদৰী কৰে ।
আনহাতে, বিগত কিছুদিন পূৰ্বে COVID-19ত আক্ৰান্ত হৈ দিল্লীৰ চাফদাৰজাং হাস্পতালত মৃ্ত্যু হয় এগৰাকী আৰক্ষী বিষয়াৰ ।