ETV Bharat / bharat

মালালা দিৱস আৰু শিক্ষাৰ অধিকাৰ - তালিবান আৰু মালালা

সমগ্ৰ বিশ্বতে আজি মালালা দিৱস উদযাপন কৰা হৈছে ৷ ছোৱালী শিক্ষাৰ অধিকাৰক লৈ নিজৰ আন্দোলন অব্যাহত ৰখা নবেল পুৰস্কাৰপ্ৰাপ্ত মালালা ইউচুফজাইৰ আজি জন্মদিন ৷ নিজৰ জন্মদিনতে মালালাই ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাষণ প্ৰদান কৰিছিল ৷ মালালাৰ প্ৰতি সন্মান আৰু ছোৱালী শিক্ষাৰ অধিকাৰ আৰু ইয়াৰ মহত্বৰ প্ৰতি সন্মান জনাই আজি এই দিৱস পালন কৰা হৈছে ৷

মালালা দিৱস আৰু শিক্ষাৰ অধিকাৰ
মালালা দিৱস আৰু শিক্ষাৰ অধিকাৰ
author img

By

Published : Jul 12, 2020, 12:47 PM IST

নিউজ ডেস্ক, 12 জুলাই : প্ৰতিবছৰে 12 জুলাইত সমগ্ৰ বিশ্বতে মালালা দিৱস উদযাপন কৰা হয় ৷ ইয়াৰ মুল উদ্দেশ্য হৈছে বিশ্বশান্তিৰ বাবে নবেল বঁটা লাভ কৰা পাকিস্তানৰ মালালা ইউছুফজাই আৰু ছোৱালীৰ শিক্ষাৰ মহত্ব আৰু অধিকাৰৰ বাবে তেওঁৰ অৱদানৰ প্ৰতি সন্মান ৷ আনহাতে আজিৰ দিনটোতে জন্ম হৈছিল বিশ্বৰ অন্যতম কনিষ্ঠ নবেল পুৰস্কাৰপ্ৰাপ্ত মালালা ইউছুফজাইৰ ৷

2013 চনৰ 12 জুলাইত নিজৰ জন্মদিনটোতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ছোৱালীৰ শিক্ষাৰ গুৰুত্ব আৰু অধিকাৰক লৈ সাহসী ভাষণ প্ৰদান কৰিছিল মালালাই ৷ মালালাৰ ভাষণত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উক্ত সভাত উপস্থিত থকা বিশ্বৰ সকলো নেতাই ঠিয় হৈ মালালাক অভিবাদন প্ৰদান কৰিছিল ৷ ইয়াৰ পিচৰে পৰাই আজিৰ দিনটো মালালা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷

1997 চনৰ 12 জুলাইত পাকিস্তানৰ খাইবাৰ পখ্তুনখ্যা প্ৰদেশৰ স্বাত ঘাটিৰ মিংগোৰা গাঁওত জন্ম হৈছিল মালালা ইউছুফজাইৰ ৷ মালালাৰ পৰিয়ালত তেওঁৰ পিতৃ, জিয়াউদ্দিন, মাতৃ তৌৰ একাই ইউছুফজাই আৰু দুগৰাকী ভাতৃ আছে ৷

তালিবানৰ বিৰুদ্ধে শক্তিশালী কন্ঠ আৰু মহিলা তথা ছোৱালী শিক্ষাৰ প্ৰচাৰ কৰা মালালাৰ ওপৰত 2012 চনৰ 9 অক্টোৱৰত গুলিচালনা কৰিছিল তালিবানে ৷ ইয়াৰ পিচতে মহিলা শিক্ষাৰ ক্ষেত্ৰখনত মালালাই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে ৷

2009 চনত মালালাই এক ব্লগ লিখিবলৈ আৰম্ভ কৰিছিল, য'ত তেওঁ নিজৰ প্ৰদেশত সৈনিকৰ গতিবিধিৰ বিষয়ে উল্লেখ কৰিছিল ৷ তেওঁৰ বিদ্যালয়ত আক্ৰমণ সংঘটিত হ'ব বুলি মালালাই শংকা প্ৰকাশ কৰিছিল ৷ যেতিয়া মালালাই বিদ্যালয়ৰ পৰা ঘৰলৈ আহি আছিল তেতিয়াই তালিবানৰ আক্ৰমণৰ বলি হৈছিল ৷ এই ঘটনাক সমগ্ৰ বিশ্বই নিন্দা কৰিছিল, কেৱল পাকিস্তানতে মহিলা শিক্ষাক লৈ প্ৰায় 2 মিলিয়ন লোকে এক আবেদনপত্ৰত স্বাক্ষৰ কৰিছিল ৷ পাকিস্তান চৰকাৰে ইয়াৰ পিচতে বিনামুলীয়া শিক্ষাৰ অধিকাৰ আইন গৃহীত কৰিছিল ৷

তালিবানৰ দ্বাৰা আক্ৰমণৰ বলি হোৱাৰ পিচতো মালালাৰ শক্তিশালী কন্ঠ বন্ধ হোৱা নাছিল ৷ বৰং দুগুন উৎসাহেৰে মহিলা আৰু ছোৱালীৰ শিক্ষাৰ অধিকাৰৰ বাবে কাম কৰি গৈছিল ৷ ব্ৰিটেইনৰ বাৰ্মিংহামত থকাৰ সময়ত শিক্ষাৰ অধিকাৰক লৈ মালালাই "মালালা ন্যাস" গঠন কৰিছিল ৷ এই ন্যাসে ছোৱালী শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে কাম কৰি আছে ৷ মালালাই "I am Malala" নামে এখন কিতাপ লিখে যিখন সমগ্ৰ বিশ্বতে বেষ্ট চেলাৰ হিচাপে পৰিগণিত হৈছিল ৷

2012 চনত পাকিস্তান চৰকাৰে মালালা ইউছুফজাইক ৰাষ্ট্ৰীয় যুৱ শান্তি পুৰস্কাৰ প্ৰদান কৰিছিল ৷ 2014 চনৰ ডিচেম্বৰত বিশ্বৰ কনিষ্ঠতম নবেল বিজেতাত পৰিনত হয় মালালা ৷ ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টনিঅ' গ্যুটেৰেজে 2017 চনত মালালাক ৰাষ্ট্ৰসংঘৰ শান্তি বাৰ্তাবাহক হিচাপে নিযুক্ত কৰে ৷ 2020 চনত মালালাই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা নিজৰ স্নাতক শিক্ষা সম্পূৰ্ণ কৰে ৷

মালালা হৈছে বিশ্বৰ সৰ্বকনিষ্ঠতম নবেল পুৰস্কাৰ বিজেতা, মাত্ৰ 17 বৰ্ষতে নবেল বঁটাৰে সন্মানিত হৈছিল মালালা ৷ 11 বছৰ বয়সতে "I am afraid" নামে এক ব্লগ লিখা আৰম্ভ কৰিছিল মালালাই ৷ এই ব্লগটোত মালালাই তালিবান শাসন, মহিলা শিক্ষাৰ ওপৰত লিখিছিল ৷ 2013ৰ অক্টোৱৰত ইউৰোপিয়ান সংঘই মালালাক তেওঁৰ ব্লগৰ বাবে প্ৰতিস্থিত চখাৰোব পুৰস্কাৰেৰে সন্মানিত কৰিছিল ৷ 2015ত নাছাই মালালাৰ নামত এটা ধূমকেতুৰ নাম ৰাখিছিল ৷ 2017ত ৰাষ্ট্ৰসংঘৰ শান্তিদূত নিযুক্ত হৈছিল মালালা ইউছুফজাই ৷ কানাডাই মালালাক সন্মানীয় নাগৰিকতা প্ৰদান কৰিছে ৷ কানাডাৰ হাউস অৱ কমনছক সম্বোধন কৰা কনিষ্ঠ ব্যক্তিগৰাকী হৈছে মালালা ইউছুফজাই ৷

লগতে পঢ়কঃ আগিয়া ছোফিয়া : ইছলামপ্ৰীতিৰ এখোজ আগলৈ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.