ETV Bharat / bharat

4 জানুৱাৰীত মিজোৰামত 11 গৰাকীৰ দেহত ক'ভিডৰ অৱস্থিতি - ৰেপিড এন্টিজেন টেষ্ট

মিজোৰামত ক্ৰমে বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ 4 জানুৱাৰীৰ দিনা ৰাজ্যখনত নতুনকৈ পোহৰলৈ আহিছে 11 গৰাকী নতুন আক্ৰান্ত ৷

মিজোৰাম
মিজোৰামত ক'ভিড আক্ৰান্ত
author img

By

Published : Jan 5, 2021, 10:27 AM IST

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : মিজোৰামত ক্ৰমে বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ 4 জানুৱাৰীৰ দিনা ৰাজ্যখনত নতুনকৈ পোহৰলৈ আহিছে 11 গৰাকী নতুন আক্ৰান্ত ৷

জোৰাম মেডিকেল কলেজৰ RT-PCR গৱেষণাগাৰত সংগ্ৰহ কৰা 390 টা নমুনাৰ পৰা 7 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে 5 জন পুৰুষ আৰু 2 গৰাকী মহিলা ৷ আক্ৰান্ত লোকসকল 24-44 বয়সৰ ভিতৰৰ ৷ আক্ৰান্ত লোকসকল বিভিন্ন ৰাজ্যৰ পৰা আহি মিজোৰামত উপস্থিত হৈছিল ৷ সকলোৰে দেহত ক'ভিডৰ নাই কোনো লক্ষণ ৷

মিজোৰাম
মিজোৰামত ক'ভিড আক্ৰান্ত

আনহাতে, TrueNAT গৱেষণাগাৰত সংগ্ৰহ কৰা 145 টা নমুনাৰ পৰা 2 জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ বিএছএফৰ 199 বেটেলিয়নৰ আক্ৰান্ত সদস্য দুজন পশ্চিম বংগৰ পৰা আহি মিজোৰামত উপস্থিত হৈছিল ৷ তেওঁলোকৰ দেহতো নাই ক'ভিডৰ কোনো লক্ষণ ৷

ৰেপিড এন্টিজেন টেষ্টৰ দ্বাৰা সংগ্ৰহ কৰা নমুনাত ধৰা পৰিছে দুজনৰ দেহত ক'ভিডৰ অৱস্থিতি ৷ এজনৰ দেহত ক'ভিডৰ লক্ষণ ধৰা পৰিলেও আনজনৰ কোনো লক্ষণ ধৰা পৰা নাই বুলি জানিব পৰা গৈছে ৷

বৰ্তমান পৰ্যন্ত ৰাজ্যখনত 90 সক্ৰিয় ক'ভিড আক্ৰান্ত থকাৰ বিপৰীতে মৃত্যু হৈছে 8 জনৰ ৷

লগতে পঢ়ক : 7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.