নিউজ ডেস্ক, 6 জুনঃ কেৰালাত শনিবাৰৰ দিনটোত নতুনকৈ 108 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছ । ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 1807 গৰাকীলৈ ।
তাৰে ভিতৰত 1029 গৰাকী লোক বৰ্তমান চিকিৎসাধীন হৈ আছে । সুস্থ হৈ উঠিছে 762 গৰাকী লোক ।
উল্লেখ্য যে, নতুনকৈ আক্ৰান্ত 108 গৰাকীৰ 64 গৰাকী বিদেশৰ পৰা অহা আৰু 34 গৰাকী আন ৰাজ্যৰ পৰা অহা ।
ৰাজ্যখনত এতিয়ালৈ 81,517 গৰাকী লোকৰ পৰীক্ষণ কৰা হৈছে । তাৰে ভিতৰত 77,517 গৰাকীৰ নিগেটিভ আহিছে ফলাফল ।