নিউজ ডেস্ক, 15 জুনঃ তামিলনাডু কেবিনেটে সোমবাৰে এক গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে । এই সিন্ধান্ত অনুসৰি ৰাজ্যখনৰ চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে MBBS পাঠ্যক্ৰমত সংৰক্ষণ কৰা হ'ব 10 শতাংশ আসন ।
তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সভাত এই সিন্ধান্ত লোৱা হৈছে । সিন্ধান্ত অনুসৰি যি সকল চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়াৰ লগতে NEETৰ লগতে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'ব তেনে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে 10 শতাংশ আসন সংৰক্ষণ কৰা হ'ব ।