ETV Bharat / bharat

মহাৰাষ্ট্ৰত চিকিৎসালয়ত অগ্নিকাণ্ড,10 টি নৱজাতকৰ মৃত্যু - মহাৰাষ্ট্ৰত চিকিৎসালয়ত অগ্নিকাণ্ড

10 infant dead, 17 rescued from fire accident in Maharashtra hosp
মহাৰাষ্ট্ৰত চিকিৎসালয়ত অগ্নিকাণ্ড,10 টি নৱজাতকৰ মৃত্যু
author img

By

Published : Jan 9, 2021, 7:23 AM IST

Updated : Jan 9, 2021, 7:58 AM IST

06:50 January 09

মহাৰাষ্ট্ৰত চিকিৎসালয়ত অগ্নিকাণ্ড ৷ 10 টি নৱজাতকৰ মৃত্যু, 17 টি নৱজাতকক উদ্ধাৰ ৷

নেশ্যনেল ডেস্ক,9 জানুৱাৰী: মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ জিলা চিকিৎসালয়ত শুকুৰবাৰে নিশা প্ৰায় 2 বজাত সংঘটিত হয় অগ্নিকাণ্ড ৷ চিকিৎসালয়খনৰ নৱজাতক ৰখা SNCUত হঠাৎ সূত্ৰপাত হয় অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডটোৰ ফলত 10 টি নৱজাতকৰ মৃত্যু হয় ৷ উল্লেখ্য যে, কৰ্তব্যৰত নাৰ্চ এগৰাকীয়ে SNCU টোৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰে ৷ ততাতৈয়াকৈ নাৰ্চগৰাকীয়ে চিকিৎসক আৰু অন্যান্য কৰ্মচাৰী সকলক মাতি আনে ৷  

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ৷ SNCUটোত দুটা ইউনিট আছিল ৷ ইয়াৰে আউট বাৰ্ণত ৰখা 13 টি নৱজাতকৰ ভিতৰত 10 টি নৱজাতৰক মৃত্যু হয় আৰু বাকী 3টি নৱজাতকক উদ্ধাৰ কৰা হয় ৷ আনহাতে, চিকিৎসালয়খনৰ অন্য ৰোগী সকলকো তাৎক্ষণিকভাৱে আন ঠাইলৈ স্থানান্তৰিত কৰা হয় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক-সৰ্বানন্দ সোণোৱালক জোলকা-জোলোকে পানী খুওৱাৰ হুংকাৰ শৃংখল চলিহাৰ

Last Updated : Jan 9, 2021, 7:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.