নিউজ ডেস্ক, 20 এপ্ৰিলঃ ঝাৰখণ্ডৰ ধানবাদ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে 10 জন ইণ্ডোনেছিয়াৰ নাগৰিকক । লোক কেইজনে যোৱা মাহত দিল্লীৰ তবলিগী জামাতৰ পৰা আহি ৰজ্যখনত আত্মগোপন কৰি আছিল । ধানবাদৰ এটা মদজিৰ পৰা 30 মাৰ্চত আটক কৰি কোৱাৰেণ্টাইত ৰখা হৈছিল লোক কেইজনক ।
লোক কেইজনক প্ৰথমে 14 দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছিল । তাৰ পাচত বিদেশী ভিছা আইন আৰু মহামাৰী প্ৰশমণ আইন 2005ৰ অধীনত গ্ৰেপ্তাৰ কৰি ন্যায়াধীশৰ আগত হাজিৰ কৰোৱা হৈছিল লোক কেইজনক ।
লোক কেইজনৰ পাচপৰ্ট জব্দ কৰিছে আৰক্ষীয়ে । আনহাতে লোক কেইজনৰ স্বাস্থ্য পৰীক্ষাত ধৰা পৰা নাই COVID-19 ।
লগতে পঢ়কঃ সাংবাদিকৰ দেহত কৰ'ণা ভাইৰাছ !