নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ শনিবাৰে আঠজন ইণ্ডোনেছিয়াৰ নাগৰিকৰ সৈতে দুজন ভাৰতীয়ক জেললৈ প্ৰেৰণ কৰে। বিগত মাহত দিল্লীৰ তৱলিগী জমাতৰ পৰা ঘূৰি অহা পাচত এটা মজছিদত আত্মগোপন কৰি আছিল ইণ্ডোনেছিয়াৰ নাগৰিকৰ কেইজন । তাৰ পাচতে নাগৰিককেইজনক ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা। কোৱাৰেন্টাইন সম্পূৰ্ণ কৰা পাচতে শনিবাৰে জেললৈ প্ৰেৰণ কৰে তবলিগী জমাতত অংশ গ্ৰহণ কৰা ইণ্ডোনেছিয়াৰ নাগৰিক কেইজনক ।
উল্লেখ্য যে,উত্তৰ প্ৰদেশৰ সৰধনা অঞ্চলৰ এটা মজছিদত আত্মগোপন কৰি আছিল নাগৰিককেইজন । নাগৰিক কেইজনক আটক কৰা পাচতে মহামাৰী COVID-19ৰ পৰীক্ষা কৰে। আটক কৰা ব্যক্তিকেইজনৰ এজনক হাস্পতালত ভৰ্তি কৰায় যদিও বাকীকেইজনক কোৱাৰেন্টাইন কৰি ৰাখে ।
১৪ দিন কোৱাৰেন্টাইন কৰি ৰখা পাচত COVID-19ৰ পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ অহাৰ পাচতে শনিবাৰে জেললৈ প্ৰেৰণ কৰে ইণ্ডোনেছিয়াৰ নাগৰিক কেইজনক ।