ETV Bharat / bharat

কানপুৰ এনকাউন্টাৰঃ ১০ আৰক্ষী কনিষ্টবলক বদলি - উত্তৰ প্ৰদেশ আৰক্ষী

কানপুৰ এনকাউন্টাৰত নিহত হোৱা দেৱেন্দ্ৰ মিশ্ৰ নামৰ এগৰাকী আৰক্ষী জোৱানে পূৰ্বে এগৰাকী জ্যেষ্ঠ বিষয়াক প্ৰেৰণ কৰা চিঠি, ফোনৰ সবিশেষ তথ্য আদিৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে অব্যাহত ৰাখিছে কানপুৰ এনকাউন্টাৰৰ তদন্ত । চিঠিখনৰ ভিত্তিত এই ঘটনাৰ মূল অপৰাধী বিকাশ ডুবেৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত সোমবাৰে ১০ জন আৰক্ষী কনিষ্টবলক বদলি কৰা হয় ।

কানপুৰ এনকাউন্টাৰ
10 constables transferred to chaubepur police station in connection with kanpur encounter
author img

By

Published : Jul 7, 2020, 12:51 PM IST

নিউজ ডেস্ক, ৭ জুলাইঃ ৩ জুলাইত উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ গৰাকী আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰা ঘটনাত জড়িত থকাৰ অভিযোগত ১০ জন আৰক্ষী কনিষ্টবলক বদলি কৰা হয় । সোমবাৰে আটাইকেইগৰাকী কনিষ্টবলকে বদলি কৰা হয় বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই আটাইকেইগৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ।

কানপুৰ এনকাউন্টাৰত নিহত হোৱা দেৱেন্দ্ৰ মিশ্ৰ নাম এগৰাকী আৰক্ষী জোৱানে পূৰ্বে এগৰাকী জ্যেষ্ঠ বিষয়াক প্ৰেৰণ কৰা চিঠি উদ্ধাৰ কৰে আৰক্ষীয়ে। চিঠিখনৰ ভিত্তিত বিনয় টিৱাৰী নামৰ এগৰাকী আৰক্ষী বিষয়াৰ সৈতে অপৰাধী বিকাশ ডুবেৰ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছিল। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শক মোহিত আগৰৱালাই তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

  • 10 Constables transferred to Chaubepur police station. As per IGP Kanpur Mohit Agarwal, all personnel of the police station are under scope of investigation in connection with #KanpurEncounter pic.twitter.com/LSyIJWdQ35

    — ANI UP (@ANINewsUP) July 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই এনকাউণ্টাৰৰ ঘটনাত জড়িত থকাৰ অভিযোগত সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু দুজন কনিষ্টবলক নিলম্বন কৰা হৈছিল। এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নিলম্বন কৰা আটাইকেইগৰাকী আৰক্ষীৰ লোকৰে অপৰাধী বিকাশ ডুবেৰ সৈতে সম্পৰ্ক আছিল। তেওঁলোকৰ ফোনৰ সবিশেষ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছিল।

উল্লেখ্য যে, বিকাশ ডুবে নামৰ এজন অপৰাধী বিকাৰু গাঁৱত লুকাই থকাৰ সম্ভেদ পাই ৩ জুলাইৰ পুৱতি নিশা ৩.৩০ বজাত প্ৰায় ৫০ জনীয়া আৰক্ষীৰ দলে অভিযান আৰম্ভ কৰিছিল ৷ কিন্তু সেই সময়তে ডুবে আৰু তেওঁৰ দলটোৱে এখন জেচিবিৰে পথটো আবদ্ধ কৰি এটা ঘৰৰ ওপৰৰ পৰা আৰক্ষীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল ৷

এই ঘটনাত চক্ৰ বিষয়া, আৰক্ষী উপ-পৰিদৰ্শক, আৰক্ষী চকীৰ প্ৰভাৰী, কনিষ্টবলসহ মুঠ ৮ গৰাকী আৰক্ষী জোৱান নিহত হৈছিল । ইয়াৰ বিপৰীতে কানপুৰ এনকাউণ্টাৰত এজন সাধাৰণ নাগৰিকসহ মুঠ ৭ গৰাকী লোক আহত হৈছিল বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি, অপৰাধী বিকাশ ডুবেৰ বিৰুদ্ধে চৌবেপুৰ আৰক্ষী থানাত আছিল প্ৰায় ৬০ টা গোচৰ। কিন্তু লক্ষ্যণীয়ভাৱে কানপুৰৰ 'শীৰ্ষ ১৫' অপৰাধীৰ তালিকাত স্থান নাই বিকাশ ডুবেৰ ৷ কানপুৰৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

লগতে পঢ়ক : কানপুৰৰ মষ্ট ৱান্টেডৰ 'শীৰ্ষ 15' ত নাই বিকাশ ডুবেৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.