ETV Bharat / bharat

বৰ্তমানলৈকে প্ৰায় 1.69 লাখ যাত্ৰীৰ টিকেট বুকিং : ৰেলৱে' - ৰেলৱে' মন্ত্ৰণালয়ৰ তথ্য

মঙলবাৰ পৰ্যন্ত প্ৰায় 1,69,039 যাত্ৰীয়ে 90,331 টিকেটৰ বুকিং সমাপ্ত কৰিছে ৷ ৰেলৱে' মন্ত্ৰণালয়ৰ তথ্য ৷

ৰেলৱে' মন্ত্ৰণালয়ৰ তথ্য
বৰ্তমানলৈকে প্ৰায় 1.69 যাত্ৰীৰ টিকেট বুকিং : ৰেলৱে'
author img

By

Published : May 13, 2020, 12:29 PM IST

নেশ্যনেল ডেস্ক, 13 মে' : প্ৰথম দিনাৰ বিশেষ ট্ৰেইনৰ চলাচল সম্পন্ন হোৱাৰ পাচত দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা লোকসকলে নিজ নিজ স্থানলৈ উভতিবৰ বাবে বহু সংখ্যক টিকেট বুকিং কৰা পৰিলক্ষিত হয় ৷ মঙলবাৰ পৰ্যন্ত প্ৰায় 1,69,039 যাত্ৰীয়ে 90,331 টিকেটৰ বুকিং সমাপ্ত কৰিছে ৷ এই তথ্য প্ৰদান কৰিছে ৰেলৱে' মন্ত্ৰণালয়ে ৷

কৰ'ণা ভাইৰাছৰ ফলত যাত্ৰীবাহী ট্ৰেইন সেৱা 48 দিনৰ বাবে বন্ধ হৈ পৰাৰ পাচত মঙলবাৰে সন্ধিয়াৰ ভাগত নতুন দিল্লীৰ পৰা দুখন ট্ৰেইনৰ চলাচল আৰম্ভ হৈছে ৷

উত্তৰ ৰেলৱে' সংমণ্ডলৰ মুখপাত্ৰ দিপক কুমাৰে জানিবলৈ দিয়া অনুসৰি, ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ৰেলৱে' প্লেটফৰ্ম আৰু চৌহদ ছেনিটাইজ কৰি তোলা হৈছে ৷ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ লগতে যাত্ৰীসকলে কঢ়িয়াই আনিব লাগিব ব্লেংকেট, পানী আৰু খাদ্য ৷

12 মে'ৰ পৰা 20 মে'লৈ চলাচল কৰিব লগা এই ট্ৰেইনসমূহৰ সময়সূচী ৰেলৱে' বিভাগে প্ৰকাশ কৰিছে ৷ সেই অনুসৰি, ট্ৰেইনসমূহ নতুন দিল্লীৰ পৰা ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচী, বূৱনেশ্বৰ, ছেকেন্দ্ৰাবাদ, বাংগালুৰু, চেন্নাই, তিৰুৱানান্থাপুৰম, মাডগাঁও, মুম্বাই চেন্ট্ৰেল, আহমেদাবাদ আৰু জম্মুলৈ চলাচল কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.