ETV Bharat / bharat

Culmination of Bharat Jodo Yatra: জম্মু-কাশ্মীৰৰ লাল চ’কত সামৰণি পৰিল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

author img

By

Published : Jan 29, 2023, 10:58 PM IST

নিৰ্ধাৰিত সময়ৰ এদিন পূৰ্বেই সামৰণি পৰিল ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ৷ জন্মু-কাশ্মীৰৰ লাল চ’কত ৰাহুল গান্ধীয়ে আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে সামৰণি পেলায় 134 দিনীয়া ভাৰত জোড়ো যাত্ৰাৰ ৷

Culmination of Bharat Jodo Yatra
জম্মু-কাশ্মীৰৰ লাল চ’কত সামৰণি পৰিল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: দেওবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অন্ত পৰিল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra culmination) ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 7 ছেপ্টেম্বৰত আৰম্ভ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰা হৈছে এই যাত্ৰাৰ ৷ সম্পূৰ্ণ 134 দিনৰ পিচত অন্ত পৰে ভাৰত জোড়ো যাত্ৰাৰ ৷

জম্মু-কাশ্মীৰৰ লাল চ’কত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিচতে আনুষ্ঠানিকভাৱে সামৰণি পৰে ভাৰত জোড়ো যাত্ৰাৰ(Rahul Gandhi hoisted the Tricolour at Lal Chowk) ৷ কাশ্মীৰত ৰাহুল গান্ধীক সংগ প্ৰধান কৰে প্ৰিয়ংকা গান্ধীয়ে ৷ স্মৰ্তব্য যে, দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পোন প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ লাল চ’কত উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা ৷

পূৰ্ব নিৰ্ধাৰিত অনুসৰি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা 30 জানুৱাৰীত অৰ্থাৎ সোমবাৰে সামৰণি পৰাৰ কথা আছিল যদিও এদিন পূৰ্বেই এই যাত্ৰাৰ আনুষ্ঠানিক সামৰণি পেলোৱা হয়(Bharat Jodo Yatra ends before a day) ৷ এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে, জন্ম-কাশ্মীৰৰ প্ৰশাসনে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰে আন স্থানত পতাকা উত্তোলন কৰিবলৈ অনুমতি প্ৰদান কৰা নাছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ভাৰত জোড়ো যাত্ৰা দেওবাৰে অৰ্থাৎ আজি সমাপ্ত কৰাৰ চৰ্ত ৰাখি লাল চ’কত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ অনুমতি প্ৰদান কৰে ৷

ইফালে, ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তিৰ পিছতে এক সংবাদমেল সম্বোধন কৰে ৰাহুল গান্ধীয়ে ৷ সংবাদমেলত তেওঁ কয়- "ভাৰত জোড়ো যাত্ৰা মোৰ জীৱনৰ আটাইতকৈ গভীৰ আৰু ভাল লগা অভিজ্ঞতা ৷" এই যাত্ৰাত ৰাইজৰ পৰা ব্যাপক সঁহাৰি আৰু মৰম লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে ৷ এই যাত্ৰাই ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰভাৱ পেলাব বুলিও আশা প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

সংবাদমেলত কাশ্মীৰত সঘনাই সংঘটিত হৈ থকা টাৰ্গেট কিলিং, বোমা বিস্ফোৰণ, সন্ত্ৰাসবাদী আক্ৰমণ আদি সন্দৰ্ভতো মন্তব্য দিয়ে ৰাহুল গান্ধীয়ে ৷ লগতে তেওঁ বিজেপিৰ নেতাই বিশেষকৈ অমিত শ্বাহে জম্মুৰ পৰা কাশ্মীৰলৈ এক যাত্ৰা প্ৰয়োজন বুলি উল্লেখ কৰে ৷ ভাৰত-চীন সংঘাতক লৈয়ো সংবাদমেলত সৰৱ হয় ৰাহুল গান্ধী ৷

লগতে পঢ়ক: Odisha Health minister succumbed: আৰক্ষীৰ গুলীতেই ওডিশাৰ স্বাস্থ্যমন্ত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.