ETV Bharat / bharat

ভাৰত বায়'টেকৰ নাসিকাত দিয়া টিকা সন্দৰ্ভত কিছু তথ্য

২০২১ চনৰ ৩ মাৰ্ছত দ্বিতীয়টো পালি দিয়াৰ পাচত দেখা গৈছিল যে ভাৰত বায়’টেকৰ ক’ভেক্সিন ৮১ শতাংশ ফলদায়ক অৰু উক্ত দিনাই ঘোষণা কৰা হৈছিল যে নাসিকাত দিয়া টিকাৰ পৰীক্ষণ মাৰ্চতে আৰম্ভ কৰা হ’ব ৷ সেইমতেই ২০২১ চনৰ ৭ মাৰ্চত ইয়াক আৰম্ভ কৰি দিয়া হৈছিল ৷

ভাৰত বায়'টেকৰ নাসিকাত দিয়া টিকা সন্দৰ্ভত কিছু তথ্য
ভাৰত বায়'টেকৰ নাসিকাত দিয়া টিকা সন্দৰ্ভত কিছু তথ্য
author img

By

Published : Mar 17, 2021, 11:35 AM IST

নিউজ ডেস্ক,17মাৰ্চ: ভাৰতবৰ্ষত ষাঠি উৰ্দ্ধৰ লোক সকল আৰু যি সকলৰ ক’ম’ৰবাইডিটিছ আছে তেওঁলোকৰ নভেল ক’ৰোণা ভাইৰাছৰ টিকা প্ৰদান কাৰ্য আৰম্ভ হোৱাৰ সময়তে আন এক সুখবৰ পোহৰলৈ আহিছে ৷ ভাৰতীয় প্ৰতিষ্ঠান ভাৰত বায়’টেকে হাইডৰাবাদ আৰু নাগপুৰৰ দৰে চহৰত নাসিকাৰ ভিতৰত দিয়া টিকাৰ (বি বি ভি ১৫৪) প্ৰথমটো পৰীক্ষা আৰম্ভ কৰি দিছে ৷ ২০২১ চনৰ ৩ মাৰ্ছত দ্বিতীয়টো পালি দিয়াৰ পাচত দেখা গৈছিল যে ভাৰত বায়’টেকৰ ক’ভেক্সিন ৮১ শতাংশ ফলদায়ক অৰু উক্ত দিনাই ঘোষণা কৰা হৈছিল যে নাসিকাত দিয়া টিকাৰ পৰীক্ষণ মাৰ্চতে আৰম্ভ কৰা হ’ব ৷ সেইমতেই ২০২১ চনৰ ৭ মাৰ্চত ইয়াক আৰম্ভ কৰি দিয়া হৈছিল ৷ প্ৰকৃততে নাসিকাৰ ভিতৰত দিয়া টিকানো কি আৰু ই কেনেদৰে কাম কৰে ? আঁহকচোন এই লৈ কিছু তথ্য আমি জনিবলৈ চেষ্টা কৰো ৷

নাসিকাৰ ভিতৰত দিয়া টিকা কি আৰু ই কেনেদৰে কাম কৰে...

এটা টিকা প্ৰদান কৰাৰ আটাইতকৈ সাধাৰণ উপায়টো হ’ল, মাংসপেসীত দিয়া নাইবা চালৰ তলত বেজীৰে প্ৰদান কৰা ৷ কিন্তু ইয়াৰ উপৰিও আন কেইবাটাও উপায় আছে ৷ সেইবোৰ হ’ল চালৰ তলেৰে, নাসিকাৰে আৰু মুখেৰে প্ৰদান কৰা ৷

নাসিকাৰ ভিতৰত টিকা দিয়াৰ কৌশল
নাসিকাৰ ভিতৰত টিকা দিয়াৰ কৌশল

নাসিকাৰ ভিতৰত প্ৰদান কৰা টিকাবিধ বিকাশ কৰিছে ভাৰত বায়’টেকে, ক’ভিডেৰে যুঁজিবলৈ ৷ ই হৈছে এবিধ নন-ইনভেছিভ আৰু বেজী ৰহিত টিকা ৷ যিহেতু সাধাৰণতে ভাইৰাছবিধ আমাৰ নাকেৰে প্ৰৱেশ কৰে সেয়ে এই টিকাবিধৰ সহায়ত আমাৰ দেহৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থাই ভাইৰাছ বিধেৰে যুঁজিবলৈ তেজ আৰু নাকত প্ৰ’টিন উৎপাদন কৰে ৷ এই টিকাবোৰ নাকত স্প্ৰে’ কৰি দিয়া হয় ৷ ইয়াক এডাল বেজী ৰহিত ছিৰিঞ্জ, নাছাল স্প্ৰে, তৰল ঔষধ নাইবা এৰ’চল ডেলিভাৰীৰ জৰিয়তে প্ৰদান কৰিব পাৰি ৷

ভাৰত বায়’টেকৰ এই সন্দৰ্ভত কিছু তথ্য়
ভাৰত বায়’টেকৰ এই সন্দৰ্ভত কিছু তথ্য়

এনে ধৰণৰ টিকা প্ৰদান কৰাটো অকল সহজেই নহয়, লগতে যি সকল লোকে বেজীলৈ ভয় কৰে তেওঁলোকৰ বাবে এক সকাহহে ৷ তদুপৰি, ইয়াত বেজীৰ ব্যৱহাৰ কৰা নহয়, মাত্ৰ বেজীৰ পৰা হ’ব পৰা সংক্ৰমণৰ ভয়হে নোহোৱা হয় ৷

অন্যান্য উপলব্ধ টিকাবোৰৰ তুলনাত এই টিকাবিধে অধিক প্ৰতিৰোধক ক্ষমতা প্ৰদান কৰাৰ সম্ভাৱনীয়তাৰ লগতে নাসিকাত দিয়া টিকাৰ আন এটা সুবিধা হ’ল- ইয়াক নিজেও ল’ব পৰা যায় ৷ ই ছিৰিঞ্জ আৰু বেজীৰ দৰে চিকিৎসা সমাগ্ৰী বোৰৰ ব্যৱহাৰো হ্ৰাস কৰে ৷ যাৰ ফলত ইয়াৰ সামগ্ৰীক মূল্য কমি যায় ৷

ভাৰত বায়’টেকে কি কয় ?

নাসিকাত দিয়া টিকা উৎপাদনকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে এই ধৰণৰ টিকাৰ সুবিধা সমূহৰ বিষয়ে তলত দিয়া ধৰণেৰে বৰ্ণনা কৰিছেঃ

নাসিকাত দিয়া টিকাই এক ব্যাপক ৰোগ প্ৰতিৰোধক ক্ষমতা গঢ়ি তুলে ৷ এই প্ৰতিৰোধে সংক্ৰমণৰ স্থান টুকুৰাত প্ৰতিক্ৰিয়া কৰে (নাছাল মিউক’ছাত)--- ই ক’ভিড-১৯ অৰ সংক্ৰমণ আৰু বিয়পাটো ৰোধ কৰা দুয়োটাৰ বাবেই অতি জৰুৰি ৷

নন-ইনভেছিভ আৰু বেজী ৰহিত সহজে কাৰ্যকৰীকৰণ কৰিব পাৰি, ইয়াত কোনো প্ৰশিক্ষিত স্বাস্থ্য কৰ্মীৰ প্ৰয়োজন নহয় ৷ বেজীৰ লগত সম্পৰ্কিত আশংকাবোৰ দূৰ কৰে (আঘাত প্ৰাপ্তি আৰু সংক্ৰমণ) ৷ সকলোৰে সন্মতি পোৱাত সহজ (শিশু আৰু প্ৰাপ্ত বয়স্ক সকলৰ বাবে সুবিধাজনক) আৰু

ব্যাপকভাৱে উৎপাদন কৰিবলৈ সক্ষম, সমগ্ৰ বিশ্বৰে চাহিদা পূৰণ কৰাত সক্ষম ৷

সেয়ে পাটনাকে ধৰি চেন্নাই, হাইদৰাবাদ আৰু নাগপুৰৰ দৰে চহৰবোৰত পৰীক্ষণ আৰম্ভ হৈ গৈছে আৰু প্ৰতিষ্ঠানটোৱে ভাৰতীয় কেন্দ্ৰীয় পৰীক্ষণ পঞ্জীয়ণ (চি টি আৰ আই) অনুসাৰে ওপৰত উল্লেখিত চহৰ কেইখনত ১৭৫ জন প্ৰাৰ্থীৰ ওপৰত এই টিকাৰ পৰীক্ষণ চলাব বুলিও জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.