ETV Bharat / bharat

ভাৰতত উপলব্ধ হ’ব প্ৰথমটো নাকৰে লব পৰা ক’ভিড প্ৰতিষেধক - নাকৰে লব পৰা ক’ভিড প্ৰতিষেধক

বি বি ভি 158 ইণ্টাৰনেশ্যনেল কৰ’ণা প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ কৰিলে ভাৰত বায়োটেকে (Bharat Biotech) ৷ ভাৰতত অতি শীঘ্ৰে উপলব্ধ হ’ব নাকৰে লব পৰা ক’ভিড প্ৰতিষেধক ৷

Bharat Biotech Completes Clinical Development for phase 3 trials and booster doses
ভাৰতত উপলব্ধ হ’ব প্ৰথমটো নাকৰে লব পৰা ক’ভিড প্ৰতিষেধক
author img

By

Published : Aug 15, 2022, 10:24 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: ভাৰতত অতি শীঘ্ৰে উপলব্ধ হ’ব নাকেৰে লব পৰা ক’ভিড প্ৰতিষেধক ৷ বি বি ভি 158 ইণ্টাৰনেশ্যনেল কৰ’ণা প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ কৰিলে ভাৰত বায়োটেকে (Bharat Biotech) ৷

76 সংখ্যক ভাৰতৰ স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতে ভাৰত বায়োটেকে দেশবাসীৰ বাবে ঘোষণা কৰে এই সুখবৰ ৷ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি ভাৰত বায়োটেকে প্ৰচাৰ কৰে যে ইতিমধ্যে বি বি ভি 158 ইণ্ট্ৰ’নজেল ক’ভিড ভেকছিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে (Bharat Biotech Completes Clinical Development for phase 3 trials and booster doses ) ৷

ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল লিমিটেডে উল্লেখ কৰিছে যে, বি বি ভি 158 প্ৰতিষেধকটো সুৰক্ষিত আৰু ইমিউনোজেনিক বুলি প্ৰমানিত হৈছে (Bharat Biotech Completes phase 3 trials and booster doses ) ৷ এই প্ৰতিষেধকটো অচিৰেই কেন্দ্ৰীয় চৰকাৰে অনুমোদিত কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে ৷ এইটো ভাৰতৰ প্ৰথমটো নাকৰ সহায়েৰে লব পৰা ভেকছিন হ'ব ৷

এই প্ৰতিষেধকে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু অধিক শক্তিশালী কৰি তুলিব ৷ এই প্ৰতিষেধকটো বুষ্টাৰ পালি হিচাপে দিব পাৰব ৷ ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক কৃষ্ণা এলাই শেহতীয়াকৈ এক বিবৃত্তি প্ৰকাশ কৰি কয় যে এই প্ৰতিষেধকৰ অনুজ্ঞাপত্ৰৰ বাবে শীঘ্ৰেই আবেদন কৰা হ'ব ৷ যদি সকলো ঠিকে থাকে এই বছৰৰ আগষ্টৰ ভিতৰত ভাৰতবাসীয়ে ক’ভিড ভেকচিন প্ৰাপ্ত কৰিব পাৰিব ৷ আগন্তুক দিনত যদি কৰ’ণাৰ এটা নতুন প্ৰকাৰ আহে, ই তাৰ সৈতে ইয়াৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব ৷ ভাৰত বায়োটেকে বিশ্বাস কৰে যে বেজী ল'ব পৰা আৰু নাকৰ ভেকচিন দুয়োটাই ভৱিষ্যতে জীৱন ৰক্ষা কৰাত সহায় কৰিব ৷

ইয়াৰ পূৰ্বে প্ৰায় 4000 স্বেচ্ছাসেৱকৰ ওপৰত এই প্ৰতিষেধকৰ পৰীক্ষা কৰা হৈছিল যদিও এই প্ৰতিষেধকৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া হোৱা নাছিল ৷ ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে (ডিচিজিআই) প্ৰথম বুষ্টাৰ পালি হিচাপে ইণ্ট্ৰ’নজেল ভেকচিনৰ পৰীক্ষণত অনুমোদন জনাইছিল ৷

লগতে পঢ়ক: কেনে ধৰণৰ খাদ্যই পৃথিৱীক ৰক্ষা কৰাত আমাক সহায় কৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.